/asomiyapratidin/media/media_files/2025/11/20/whatsapp-image-2025-11-20-22-58-21.jpeg)
ডিডিটেল সংবাদ, তিনিচুকীয়াঃ মৰাণ-মটক সম্প্ৰদায়ৰ ভূমি অধিকাৰৰ বিষয়ে অসম চৰকাৰে বিভিন্ন নীতি-নিৰ্দেশনা আৰু ভূমি সংক্ৰান্ত পৰিস্থিতিৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰিছে। তিনিচুকীয়াত মৰাণ আৰু মটক সম্প্ৰদায়ৰ ভূমি অধিকাৰ সন্দৰ্ভত অনুষ্ঠিত বিশেষ আলোচনা । তিনিচুকীয়া কনভেনচন চেণ্টাৰত বিধায়ক বলিন চেতিয়া আৰু সুৰেন ফুকন, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ চিইএম অৰুণজ্যোতি মৰাণ, অসম চৰকাৰৰ ৰাজহ বিভাগৰ বিশেষ সচিব ভাস্কৰ পেগু, জিলা আয়ুক্তৰ উপস্থিতিত মৰাণ আৰু মটক সম্প্ৰদায়ৰ বহুকেইটা দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই বৈঠকত মিলিত হোৱাৰ লগতে তিনিচুকীয়া জিলাৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ ভূমি সম্পৰ্কীয় মূল বিষয়সমূহতো আলোচনা কৰে।
উল্লেখ্য, ২০২৫ চনৰ ২৯ অক্টোবৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি অসম চৰকাৰে মিছন বসুন্ধৰা ৩.০ৰ অধীনত উত্তৰাধিকাৰ ভূমিত বসতি স্থাপনৰ বাবে অনুমোদন জনাইছিল। যিসকল মৰাণ আৰু মটক জনগোষ্ঠীৰ পৰিয়ালে তিনিটা প্ৰজন্মৰ পৰা এনে ভূমিত বাস কৰি আহিছে, তেওঁলোকে মিছন বসুন্ধৰাৰ অধীনত গ্ৰামাঞ্চলত ৫০ বিঘা পৰ্যন্ত ভূমিৰ পট্টা লাভ কৰিব । এই সন্দৰ্ভত জাৰি কৰা আনুষ্ঠানিক অধিসূচনাত উপস্থিত সম্প্ৰদায় দুটাৰ প্ৰতিনিধিসকলৰ হাতত মন্ত্ৰীগৰাকীয়ে অৰ্পণ কৰে ।
তাৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে অসমৰ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে বৈঠকত মন্তব্য কৰে । ভূমি আবণ্টনৰ বিভিন্ন বিষয়তো বৈঠকত ফলপ্ৰসূ আলোচনা কৰা পৰিলক্ষিত হয় । সম্প্ৰদায় দুটাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰি আৰু সঠিক প্ৰক্ৰিয়াৰ মাজেৰে এই সুবিধাসমূহ লাভ কৰাত সহায় কৰিবলৈ উপস্থিত থকা প্ৰতিনিধিবৰ্গক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us