সমষ্টি ভাগ-বতৰাক লৈ ৰঞ্জিত দাসৰ বাসগৃহত বিজেপি-অগপৰ গুৰুত্বপূৰ্ণ বৈঠক…

সমষ্টি ভাগ-বতৰাক লৈ ৰঞ্জিত দাসৰ বাসগৃহত বিজেপি-অগপৰ গুৰুত্বপূৰ্ণ বৈঠক…

author-image
asomiyapratidin
New Update
সমষ্টি ভাগ-বতৰাক লৈ ৰঞ্জিত দাসৰ বাসগৃহত বিজেপি-অগপৰ গুৰুত্বপূৰ্ণ বৈঠক…

আসন বুজাবুজিৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিজেপি আৰুঅ অগপ নেতৃত্বৰ মাজত অনুষ্ঠিত হৈছে এক গুৰুত্বপূৰ্ণ বৈঠক। বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত সোমবাৰে পুৱা আয়োজন কৰা এই বৈঠকত কোন কোন সমষ্টিৰ পৰা কোন দলৰ প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা কৰিব এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হব।

Advertisment

পুৱাই এই বৈঠকত ভাগ লবলৈ ৰঞ্জিত দাসৰ বাসগৃহত উপস্থিত হয়গৈ অগপ নেতৃত্ব। এই বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপ সভাপতি অতুল বৰা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যও উপস্থিত আছে। হিমন্ত বিশ্ব শৰ্মাইও এই বৈঠকত অংশ লৈছে। উল্লেখ্য যে, অগপ নেতৃত্বই দেওবাৰে নিশা দলীয় নেতৃত্বক লৈ আন এক বৈঠকত মিলিত হৈছিল।

অতুল বৰাই জানিবলৈ দিয়া মতে, পূৰ্বতকৈ অধিক আসন বিচাৰিব অসম গণ পৰিষদে। অগপ এতিয়া শক্তিশালী বুলি উল্লেখ কৰি এই বৈঠকতে দুয়ো দলৰ মাজত সমষ্টিৰ ভাগ-বতৰা চূড়ান্ত কৰা হব বুলিও সংবাদমাধ্যমক জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে বিজেপিৰ নেতৃত্বই ইংগিত প্ৰদান কৰিছিল যে, অগপৰ দখলত থকা সমষ্টি সমূহত বৰ্তমানৰ সকলো বিধায়ককে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰা সম্ভাৱনা ক্ষীণ।