এ ভি এফ চি এলৰ অগ্ৰগতি আৰু মূল ব্যৱস্থা সন্দৰ্ভত বি ভি এফ চি এলত বৈঠক

অসম উপত্যকা সাৰ আৰু ৰাসায়নিক কোম্পানী লিমিটেড চমুকৈ AVFCCL প্ৰকল্পৰ ৰূপায়ণৰ অগ্ৰগতি আৰু মূল ব্যৱস্থাসমূহৰ সম্পৰ্কত মঙলবাৰে নামৰূপৰ বিভিএফচিএল কনফাৰেন্স হলত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
524

ডিজিটেল সংবাদ, নামৰূপ : অসম উপত্যকা সাৰ আৰু ৰাসায়নিক কোম্পানী লিমিটেড চমুকৈ AVFCCL প্ৰকল্পৰ ৰূপায়ণৰ অগ্ৰগতি আৰু মূল ব্যৱস্থাসমূহৰ সম্পৰ্কত মঙলবাৰে নামৰূপৰ বিভিএফচিএল কনফাৰেন্স হলত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, বিভিএফচিএলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মোহন ৰাজ শেট্টী আৰু এভিএফচিচিএলৰ পৰিচালন সঞ্চালক শিৱ প্ৰসাদ মোহন্তীয়ে অংশগ্ৰহণ কৰে। 

এইচইউআৰএল, পিডিআইএল, ডিব্ৰুগড় জিলা প্ৰশাসন, এপিডিচিএল আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ লগতে বিভিএফচিএলৰ জ্যেষ্ঠ বিষয়াসকলেও চলি থকা কামসমূহ পৰ্যালোচনা কৰে। আলোচনাত বিদ্যুৎ সংযোগ স্থাপন আৰু প্ৰকল্পৰ বাবে উপপথ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া হয়।

প্ৰসংগক্ৰমে, এভিএফচিচিএল হৈছে উত্তৰ-পূৰ্বাঞ্চলত সাৰৰ যোগান সবল কৰাৰ বাবে চলিত বছৰত নামৰূপত স্থাপনৰ বাবে অনুমোদিত এক নতুন ইউৰিয়া প্ৰকল্প। এই প্ৰকল্পটো অসম চৰকাৰ আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ অংশীদাৰিত্বৰে এক যুটীয়া উদ্যোগ হিচাপে ৰূপায়ণ কৰা হৈছে।

প্ৰস্তাৱিত অংশীদাৰসকলৰ ভিতৰত অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড (OIL), নেশ্যনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেড (NFL), হিন্দুস্তান উৰ্বৰক এণ্ড ৰাসায়ন লিমিটেড (HURL) আৰু বিভিএফচিএল অন্যতম।

বি ভি এফ চি এল