/asomiyapratidin/media/media_files/2026/02/01/1-2026-02-01-22-21-23.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত অবৈধ সুৰাৰ বেহা দিনক দিনে বৃদ্ধি পাব ধৰিছে। সেই অবৈধ বেহা বন্ধ কৰিবলৈ আৰক্ষীয়ে মাজে সময়ে চলাই আহিছে অভিযান। ইয়াৰ মাজতে বৰপেটাৰ দক্ষিণ অঞ্চলত অবাধে গঢ় লৈ উঠা চুলাই, গাঞ্জা, ড্ৰাগছৰ প্ৰচলন বন্ধ কৰাৰ বাবে আৰক্ষী প্ৰশাসনৰ বিষয়া মৃনাল শৰ্মাৰ উপস্থিতিত ৰায়তপাৰা কৈৱৰ্ত ভৱনত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত ৰায়তপাৰা পথাৰহাটী অঞ্চলৰ ৰাইজে এই অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়ন আৰু অবৈধ সুৰা, গাঞ্জা, ড্ৰাগছৰ দৰে মাৰাত্মক মাদকদ্ৰব্যৰ সেৱন আৰু ব্যৱসায় বন্ধ কৰাৰ উদ্দেশ্যে সমাজসেৱক হিমাংশু দাসক মুখ্য উপদেষ্টা আৰু অমৰেন্দ্ৰ দাসক সভাপতি, উপ-সভাপতি শ্ৰীলক্ষণ দাস, সত্যবান দাস, মুখ্য-সম্পাদক ৰত্নকান্ত মেধি আৰু যুটীয়া সম্পাদক ত্ৰিনয়ণ হাজৰিকা আৰু বনমালী দাসক লৈ এখন শক্তিশালী সমিতি গঠন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/whatsapp-image-2026-02-01-22-22-15.jpeg)
বৰপেটাৰ দক্ষিণ অঞ্চলত গঢ়ি উঠা অবৈধ সুৰা, গাঞ্জা, ড্ৰাগছৰ দৰে মাৰাত্মক মাদকদ্ৰব্যৰ সেৱন আৰু ব্যৱসায় বন্ধ কৰা আৰু এই অঞ্চলৰ বিশেষকৈ ৰায়তপাৰা, পথাৰহাটীত বিক্ৰী কৰা আৰু সেৱন কৰিবলৈ অহা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰে ৷ উক্ত অঞ্চললৈ মাদকদ্ৰব্য সেৱন কৰিবলৈ আৰু বিক্ৰী কৰিবলৈ অহা লোকক ৰাইজে দেখা মাত্ৰেই তেওঁলোকক বুজাই-বঢ়াই ওভতাই পঠোৱাৰ লগতে যদি কোনো ক্ৰেতা বা বিক্ৰেতাই তৰ্কযুদ্ধত লিপ্ত হয় তেনে ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত ৰাজহুৱা গোচৰ দিয়াৰ লগতে সেই ব্যক্তিক লগে লগে আৰক্ষীক চমজাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাইজে আজিৰ সভাত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ উক্ত সভাত বৰপেটা আৰক্ষী প্ৰশাসনৰ হৈ উপস্থিতিত থকা বৰপেটা সদৰ থানাৰ উপ-পৰিদৰ্শক শ্ৰীমৃনাল শৰ্মা দেৱক তেখেতে আগবঢ়োৱা দিহা-পৰামৰ্শৰ বাবে উপস্থিত ৰাইজে ধন্যবাদ জ্ঞাপন কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us