/asomiyapratidin/media/media_files/2025/08/18/whatsapp-image-2025-08-18-14-37-29.jpeg)
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা ভয়ংকৰ দৃশ্য। টোলগেটৰ চাৰিজন কৰ্মচাৰীয়ে এজন সেনা বাহিনীৰ জোৱানজনক খুঁটাত বান্ধি লৈ কৰিছে আক্ৰমণ। উত্তৰ প্ৰদেশৰ মীৰুটৰ এখন টোলগেটত সৃষ্টি হোৱা এই কাজিয়াই লাভ কৰিছে ব্যাপক চৰ্চা লাভ কৰাৰ পিছতে গ্ৰেপ্তাৰ হৈছে কৰ্মচাৰী কেইজনক।
উল্লেখযোগ্য যে, ভাৰতীয় সেনাৰ ৰাজপুত ৰেজিমেণ্টৰ জোৱান কপিল কাৱদ ছুটীত ঘৰলৈ আহিছিল। ছুটী শেষ কৰি পুনৰ কৰ্মস্থলীলৈ উভতাৰ বাবে দিল্লী বিমানবন্দৰলৈ গৈছিল। কিন্তু যাত্ৰাপথত এই টোলগেটখনত আবদ্ধ হৈ পৰে কপিল আৰু তেওঁৰ খুলশালীয়েক। ফ্লাইটৰ বাবে দেৰি হোৱাৰ ফলত কপিলে গাড়ীৰ পৰা নামি টোলগেটৰ কৰ্মচাৰীৰ সৈতে কথা পাতে।
পিছে, ইয়াৰ পিছতে টোলগেটৰ কৰ্মচাৰীৰ সৈতে কাজিয়া আৰম্ভ হয় আৰু কমেও পাঁচজন টোলগেটৰ কৰ্মচাৰীয়ে কপিল আৰু তেওঁৰ খুলশালীয়েকক প্ৰহাৰ কৰে। টোলগেটৰ কৰ্মচাৰী কেইজনে জোৱানজনক খুঁটাত বান্ধি লৈও লাঠিৰে মাৰ-ধৰ কৰে।
সমগ্ৰ ঘটনাৰ পাছতে আৰক্ষী অধীক্ষক (গ্ৰাম্য) ৰাকেশ কুমাৰ মিশ্ৰই সদৰি কৰে যে, "চিচিটিভিৰ ফুটেজ আৰু ভিডিঅ' স্কেন কৰি চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত অব্য়াহত আছে আৰক্ষীৰ তদন্ত।"
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us