এতিয়া চিন্তা নাই দিল্লীত,আহি গ'ল নমো ভাৰত

দেশৰ প্ৰথমটো নমো ভাৰত আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম উদ্বোধন কৰি দিল্লী-মীৰাট নমো ভাৰত কৰিড'ৰ দেশবাসীলৈ উচৰ্গা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 1.jpg

মুহুৰ্ততে আপুনি গৈ পাব নিজৰ গন্তব্যস্থান! যাতায়ৰ বাবে দেশবাসীক এই সুবিধা কৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পূৰ্বৰ তুলনাত এতিয়া বহু কম সময়ৰ ভিতৰত দিল্লীবাসীয়ে যাব পাৰিব নিজৰ কাৰ্যালয়,মহাবিদ্যালয়, বিশ্ববিদ্যালয় অথবা পচন্দ স্থানলৈ। কিয়নো দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে নমো ভাৰত কৰিড'ৰ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ইমন দাসৰ এক প্ৰতিবেদন।

দেশৰ প্ৰথমটো নমো ভাৰত আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম উদ্বোধন কৰি দিল্লী-মীৰাট নমো ভাৰত কৰিড'ৰ দেশবাসীলৈ উচৰ্গা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । নমো ভাৰত হৈছে ভাৰতৰ প্ৰথমটো আঞ্চলিক দ্ৰুত পৰিৱহন ব্যৱস্থা বা Regional Rapid Transit System,যি ঘণ্টাত ১৮০ কিঃমিঃ পৰ্যন্ত গতিবেগত যাত্ৰা কৰিব পাৰে। কেৱল তীব্ৰ গতিত যাত্ৰা কৰাই নহয়,যাত্ৰীসকলক 'নমো ভাৰতে' দিব আন বহু সুবিধা। 

নমো ভাৰতত কি কি সুবিধা আছে জানে নে? 

দিল্লীৰ ছৰাই কালে খান আৰু মীৰাটৰ মোদীপুৰমৰ মাজৰ দূৰত্ব এতিয়া মাত্ৰ ৫৫ মিনিটতে অতিক্ৰম কৰিব পৰা যাব। এই আৰ আৰ টি এছ প্ৰকল্পত দিল্লীৰ ছৰাই কালে খান আৰু নিউ অশোক নগৰৰ মাজৰ ৫ কিলোমিটাৰ  অংশ আৰু উত্তৰ প্ৰদেশৰ মীৰাট ছাউথ আৰু মোদীপুৰমৰ মাজৰ ২১ কিলোমিটাৰ অংশ অন্তৰ্ভুক্ত কৰা হৈছে। নমো ভাৰত পথৰ দৈৰ্ঘ ৮২.১৫ কিলোমিটাৰ।  ইয়াৰে প্ৰায় ৭০ কিলোমিটাৰ এলিভেটেড আৰু ১২ কিলোমিটাৰ মাটিৰ তলত আছে । এই প্ৰকল্পৰ আটাইতকৈ ডাঙৰ ষ্টেচনটো হৈছে ছৰাই কালে খান,ইয়াৰ উচ্চতা প্ৰায় ২২ মিটাৰ। 

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিতৰতে প্ৰথম পদক্ষেপ হিচাপে নমো ভাৰতৰ সৈতে জড়িত আন্তঃগাঁথনিৰেই মীৰাট ছাউথ আৰু মোদীপুৰমৰ মাজত মীৰাট মেট্ৰ' সেৱাও উদ্বোধন কৰে। এই মেট্ৰ' ২৩ কিলোমিটাৰ দৈৰ্ঘত চলিব,যাৰ সৰ্বাধিক কাৰ্যক্ষম গতি ঘণ্টাত প্ৰায় ১২০ কিলোমিটাৰ। মাত্ৰ ৩০ মিনিটতে মেট্ৰ'ই সমগ্ৰ পথটো সামৰি ল'ব। ইপিনে নমো ভাৰত সেৱা দিল্লী-গাজিয়াবাদ-মীৰাট আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম (আৰ আৰ টি এছ) কৰিডৰৰ অংশ, যি দিল্লী আৰু মীৰাটৰ মাজত দ্ৰুতবেগী, উচ্চ কম্পাঙ্ক সংযোগ প্ৰদানৰ বাবে ডিজাইন কৰা হৈছে।নমো ভাৰতে আঞ্চলিক ভ্ৰমণৰ বাবে দিল্লীৰ পৰা মীৰাটৰ সৈতে দ্ৰুত সংযোগ কৰে। 

WhatsApp Image 2026-02-25 at 6.29.52 PM

আনহাতে এই মেট্ৰ'ৱে মীৰাট চহৰৰ ভিতৰত দ্ৰুত,আৰামদায়ক ভ্ৰমণৰ সুযোগ প্ৰদান কৰিছে প্ৰতিগৰাকী যাত্ৰীক। দুয়োখন ৰে'লতে আধুনিক সুৰক্ষা বৈশিষ্ট্য, প্লেটফৰ্মত দুৱাৰ আৰু সকলো যাত্ৰীৰ বাবে অন্তৰ্ভুক্ত ডিজাইন ব্যৱহাৰ কৰা হৈছে।

প্ৰণিধানযোগ্য যে, দিল্লী-গাজিয়াবাদ-মীৰাট নমো ভাৰত (আৰ আৰ টি এছ), ভাৰতৰ প্ৰথম আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেমৰ বৈশিষ্ট্যসমূহ  এনেধৰণৰ- 

১.পথ আৰু দৈৰ্ঘঃ  ছৰাই কালে খান দিল্লীৰ পৰা মোদীপুৰমলৈ ৮২.১৫ কিলোমিটাৰ ।

২. ষ্টেচনঃ  নিউ আশোক নগৰ,আনন্দ বিহাৰ,ছাহিবাবাদ,গাজিয়াবাদ,গুলধৰ,দুহাই,মুৰাদনগৰ,মোদীনগৰ ছাউথ,মোদীনগৰ নৰ্থ,মীৰাট ছাউথ,শতাব্দী নগৰ,বেগমপুল আৰু মোদীপুৰমকে ধৰি ১৬ টা ষ্টপেজ আছে।

৩. গতিঃ  প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰ যাত্ৰা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে এইখন মেট্ৰ'। প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰলৈকে চলাৰ লগতে গড় গতিবেগ প্ৰতি ঘণ্টা প্ৰায় ৯০ কিলোমিটাৰ ।

৪.ভ্ৰমণৰ সময়ঃ  প্ৰায় ৫৫ মিনিট।

আনফালে এই নমো ভাৰত ৰে'লৰ ভিতৰৰ অংশৰ বৈশিষ্ট্য এনেধৰণৰ- 

১. সুবিধা আৰু সুৰক্ষাঃ দুৱাৰৰ ওচৰতে হুইলচেয়াৰৰ ব্যৱস্থা, ৰে'লৰ দুৱাৰৰ সৈতে সংযুক্ত প্লেটফৰ্ম স্ক্ৰীণ দুৱাৰ, দুৱাৰ খোলাৰ বাবে বুটামৰ ব্যৱস্থা, লাউঞ্জৰ সৈতে প্ৰিমিয়াম ডবা আৰু কেৱল মহিলাৰ বাবে বিশেষ ডবাৰো ব্যৱস্থা আছে। লগতে ২×২ ট্ৰেন্সভাৰ্ছ আসন, আহল-বহল, মূৰৰ ওপৰত বেগ থোৱাৰ সুবিধা, চাৰ্জিং চকেট, ডাঙৰ ডাবল গ্লেজযুক্ত খিৰিকী, স্বয়ংক্ৰিয় প্লাগ-ইন দুৱাৰ, চিচিটিভি, জুই লাগিলে ধৰা পেলোৱা ব্যৱস্থা আছে। 

ইপিনে এই নমো ভাৰত ৰে'লৰ মুকলি পাছতে দিল্লী-গাজিয়াবাদ-মীৰাট নমো ভাৰত ৰে’ল সেৱাই মুকলিৰ প্ৰথমটো দিনতে যাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰত গঢ়িছে নতুন অভিলেখ। ২৩ ফেব্ৰুৱাৰীৰ নিশা ১০ বজাত চলাচল কৰা শেষৰখন ৰে’লে যাত্ৰা কৰাৰ সময়লৈকে এই পথৰে দিনটোত যাত্ৰা কৰা মুঠ যাত্ৰীৰ সংখ্যাই এক লাখৰ সীমা অতিক্ৰম কৰে বুলি বিভাগীয় বিষয়াসকলে জনায়। মাত্ৰ এদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ কৰিড’ৰ আৰু মীৰাট মেট্ৰ' ৰে'ল সেৱা মুকলি কৰিছিল।
 
নতুন দিল্লীৰ পৰিবহণ নিগমৰ তথ্য অনুসৰি যাত্ৰীৰ সুবিধাৰ বাবে ষ্টেচনত ৮ হাজাৰৰো অধিক বাহনৰ বাবে পাৰ্কিঙৰ সুবিধা কৰা হৈছে । গাজিয়াবাদ ষ্টেচনত সৰ্ববৃহৎ চাৰিচকীয়া বাহন পাৰ্কিঙৰ সুবিধা আছে, য'ত ৩৭০ খন চাৰিচকীয়া আৰু ৬৩২ খন দুচকীয়া বাহন ৰখাব পাৰি । চাহিবাবাদ ষ্টেচনত ৭৬ খন চাৰিচকীয়া আৰু ২২৩ খন দুচকীয়া বাহন আৰু গুলধৰ ষ্টেচনত ১৯১ খন চাৰিচকীয়া আৰু ৮৪৮ খন দুচকীয়া বাহন পাৰ্কিঙৰ ব্যৱস্থা আছে।
 
আনহাতে, দিল্লীৰ ছৰাই কালে খান নমো ভাৰত ষ্টেচনত ২৬৬ খন চাৰিচকীয়া আৰু ৮৩৭ খন দুচকীয়া বাহনৰ বাবে ঠাই আছে । বাছ আস্থান, ৰে'ল ষ্টেচন আৰু মেট্ৰ' সেৱাৰ সৈতে থকা সংযোগৰ বাবেই এই ষ্টেচনটো এক প্ৰধান কেন্দ্ৰত পৰিণত হৈছে ৷ তদুপৰি আনন্দ বিহাৰ ষ্টেচনতো পাৰ্কিঙৰ সু-ব্যৱস্থা আছে।
 
মীৰাটতো একেই ব্যৱস্থা উপলব্ধ ৷ মীৰাট ছাউথ ষ্টেচনত ২৮৯ খন চাৰিচকীয়া আৰু ৮৫৪ খন দুচকীয়া বাহন ৰখাব পাৰি ৷ একেদৰে মোদীপুৰম ষ্টেচনত ১৩৫ খনতকৈও অধিক চাৰিচকীয়া আৰু ১২০০ খন দুচকীয়া বাহন, শতাব্দী নগৰ ষ্টেচনত প্ৰায় ১২০ খন চাৰিচকীয়া আৰু ৩৫০ খন দুচকীয়া বাহনৰ বাবে পাৰ্কিঙৰ স্থান উপলব্ধ।
 
যাত্ৰীৰ সুবিধাৰ বাবে পাৰ্কিং মাচুল তুলনামূলকভাৱে কম কৰা হৈছে। উত্তৰ প্ৰদেশৰ ষ্টেচনসমূহত চাইকেল, দুচকীয়া বাহন, চাৰিচকীয়া বাহনৰ পাৰ্কিঙৰ বাবে সময়সীমা বেলেগ বেলেগ ৷ আনহাতে ৰাজধানী দিল্লীৰ ষ্টেচনসমূহতো একেধৰণৰ স্লেব ব্যৱস্থা আছে।
 
নমো ভাৰত কানেক্ট এপে যাত্ৰীসকলক প্ৰকৃত সময়ৰ পাৰ্কিং উপলব্ধতা, লাইভ ট্ৰেইন ট্ৰেকিং, ষ্টেচন নেভিগেচনকে ধৰি বহু তথ্য প্ৰদান কৰে । ষ্টেচনলৈ যোৱাৰ সুবিধাৰ বাবে ই-ৰিক্সা, অট’, ফিডাৰ বাছ, ভাড়াত উপলব্ধ চাইকেল, অন্যান্য দুচকীয়া বাহনৰ সেৱাও সংযোজিত কৰা হৈছে । অভিলেখসংখ্যক ৰাইডাৰশ্বিপ আৰু প্ৰথম দিনটোত পাৰ্কিঙৰ ব্যাপক ব্যৱহাৰে দিল্লী আৰু মীৰাটৰ মাজত দ্ৰুত আৰু সুবিধাজনক ৰাজহুৱা পৰিবহণৰ প্ৰবল চাহিদাৰ ইংগিত বহন কৰিছে৷ 

দিল্লী