/asomiyapratidin/media/media_files/2026/02/23/kdjfkjdf-2026-02-23-17-52-52.jpg)
ডিজিটেল সংবাদ, মাজুলীঃকংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ সংবাদমেলক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক মহলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ মাজতেই মীৰা বৰঠাকুৰে ধৰ্মক তুচ্ছ-তাচ্ছিল্য কৰাৰো অভিযোগক কেন্দ্ৰ কৰি ধৰ্মীয় আৰু সামাজিক মহলত তীব্ৰ ক্ষোভ প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে।
ধৰ্মক লৈ তুচ্ছ-তাচ্ছিল্য কৰা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ওপৰত ক্ষোভ উজাৰিলে মাজুলীৰ শ্ৰীশ্ৰী আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামী আৰু গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পৰমানন্দ দেৱ গোস্বামীয়ে। মাজুলীস্থিত শ্ৰী শ্ৰী আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে এই বিষয়ত কঠোৰ ভাষাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে- এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে অন্তত ধৰ্মক ৰাজনীতিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো উচিত নহয়। ধৰ্মই আমাক দিশ নিৰ্ণয় কৰে, আমাৰ মূল্যবোধ নিৰ্মাণ কৰে। কীৰ্তন, ভাগৱত আমাৰ পৰম পৱিত্ৰ গ্ৰন্থ। ইয়াৰ প্ৰতি অসম্মান কেতিয়াও সহনীয় নহয়।
লগতে, সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে কয় যে- নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যদি কংগ্ৰেছে ধৰ্মক সন্মান জনাব নোৱাৰে, তেন্তে ক্ষমতা লৈ আহিলে তেওঁলোকে কেনেধৰণে সমাজ-জাতিক সুৰক্ষা প্ৰদান কৰিব? মিঞাবোৰৰ অসমত কোনো স্থান নাই, তেওঁলোকক লগত লৈ ৰাজনীতি কৰাটো বেয়া কথা। কংগ্ৰেছৰ ইমান অহংকাৰ কোনো পক্ষে ভাল নহয় বুলিও মত প্ৰকাশ কৰে শ্ৰীশ্ৰী আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে।
আনহাতে, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পৰমানন্দ দেৱ গোস্বামীয়েও কঠোৰ ভাষাৰে সমালোচনা কৰে মীৰা বৰঠাকুৰক। তেওঁ কয় যে- ৰাজনৈতিক স্বাৰ্থত ধৰ্মীয় অনুভূতি আঘাত কৰা মানে সমাজৰ একতাৰ ভেঁটি কঁপোৱা। অসমৰ সত্ৰ-সংস্কৃতি কেৱল ধৰ্মীয় প্ৰতিষ্ঠান নহয়, ই আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰাণ। তাক লৈ ৰাজনীতি কৰা দুখজনক।
ইফালে, কংগ্ৰেছৰ অভিযোগ নামাত বিজেপিৰ বিৰুদ্ধে উত্থাপিত কিছুমান বিষয়কলৈও ৰাজ্যজুৰি বিতৰ্ক তীব্ৰ হৈছে। একাংশই এই সকলো অভিযোগ ভিত্তিহীন আৰু জনমানস বিভ্ৰান্ত কৰাৰ উদ্দেশ্য প্ৰণোদিত প্ৰচেষ্টা বুলিও অভিহিত কৰে। ধৰ্মীয় অনুভূতি, ৰাজনৈতিক অভিযোগ আৰু আগন্তুক নিৰ্বাচনী সমীকৰণ এই তিনিও দিশ মিলি ৰাজ্যৰ ৰাজনীতি আগন্তুক দিনসমূহত আৰু অধিক উত্তাল হোৱাৰ সম্ভাৱনা আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us