জিএমডিএৰ শেহতীয়া পদক্ষেপ সন্দৰ্ভত স্পষ্টীকৰণঃ সম্পূৰ্ণৰূপে খোলা আছে মেডিচিটিত ক্লিনিক

২০১৯ চনৰ পৰা Medicity Guwahati অসমবাসীক আধুনিক ডায়াগনষ্টিক আৰু স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে। ক্লিনিকটোত বৰ্তমান ৩০ৰো অধিক চিকিৎসক আৰু ৮০জনতকৈ অধিক কৰ্মচাৰী সেৱাত নিয়োজিত।

author-image
Asomiya Pratidin
New Update
FEDFEWrqwer

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, অৰ্থাৎ GMDA-ই গ্ৰহণ কৰা সাম্প্ৰতিক পদক্ষেপ সন্দৰ্ভত Medicity Guwahati-এ এক স্পষ্টীকৰণ জাৰি কৰিছে। ক্লিনিকটো আজি সম্পূৰ্ণৰূপে খোলা আৰু সচল আছে বুলি জানিবলৈ দিছে প্ৰতিষ্ঠানটোৰ গৰাকীয়ে।

স্পষ্টীকৰণ অনুসৰি, মেজানিন ফ্ল’ৰৰ অনিয়মৰ বাবে ভৱনৰ এটা অংশ GMDA-ই আংশিকভাৱে চিল কৰিছে। উল্লেখযোগ্য যে, Medicity Guwahati ক্লিনিকটো ভবনৰ গ্ৰাউণ্ড ফ্ল’ৰত ভাড়াত লৈ চলাই আছে, যিটো অংশ এই চিলিং প্ৰক্ৰিয়াত প্ৰভাৱিত হোৱা নাই। তদন্তকালত, মেজানিন ফ্ল’ৰৰ বিষয়টো বাদ দি, ক্লিনিকটোৰ GMC, স্বাস্থ্য বিভাগ আৰু অগ্নি নিৰাপত্তা বিভাগৰ সকলো অনুমতি আৰু নথি-পত্ৰ বৈধ, আপডেট আৰু সঠিক পোৱা গৈছে।

স্বাস্থ্যসেৱাৰ অত্যাৱশ্যকীয় আৰু সংবেদনশীল স্বভাৱ লক্ষ্য কৰি GMDA-ই তৎক্ষণাৎ ক্লিনিকৰ সেৱা পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে, লগতে নিৰ্ধাৰিত সময়ৰ ভিতৰত নিয়মাৱলী অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। Medicity Guwahati-এ স্পষ্ট কৰিছে যে, কোনো সংবাদ মাধ্যমক ক্লিনিক প্ৰশাসনে আনুষ্ঠানিক বিবৃতি দিয়া নাছিল, আৰু কিছুমান সংবাদ মাধ্যমত ভুল তথ্য প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে, ২০১৯ চনৰ পৰা Medicity Guwahati অসমবাসীক আধুনিক ডায়াগনষ্টিক আৰু স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে। ক্লিনিকটোত বৰ্তমান ৩০ৰো অধিক চিকিৎসক আৰু ৮০জনতকৈ অধিক কৰ্মচাৰী সেৱাত নিয়োজিত। Medicity Guwahati-এ বিশেষকৈ জ্যেষ্ঠ নাগৰিকসহ সকলো ৰোগীৰ অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰিছে, লগতে মানৱিক দৃষ্টিভংগীৰে বিষয়টো চম্ভালিবলৈ আগবঢ়া অসম চৰকাৰ আৰু GMDA-লৈ কৃতজ্ঞতা জনাইছে।

gmda