ডিজিটেল ডেস্কঃ বিগত সময়ছোৱাত ভাৰতৰ চিকিৎসা শিক্ষাৰ যথেষ্ট পৰিমাণে উত্থান হোৱা পৰিলক্ষিত হৈছে । ৰাজ্যসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়য়ে প্ৰদান কৰা বিবৃতি অনুসৰি ভাৰতৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বিগত দশকত ১০২% লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। ২০১৩-১৪ চনত ৩৮৭ খনৰ পৰা ২০২৪-২৫ চনত ৭৮০ খনলৈ বৃদ্ধি পাইছে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা। একেদৰে এমবিবিএছৰ আসনো ১৩০% বৃদ্ধি পাইছে । ঠিক তেনেদৰে এমবিবিএছৰ আসনো ৫১,৩৪৮ৰ পৰা ১,১৮,১৩৭লৈ বৃদ্ধি পাইছে।
২০১৩-১৪ চনলৈ চিকিৎসা মহাবিদ্যালয় নথকা কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্থাপন কৰা হৈছে চিকিৎসা মহাবিদ্যালয়। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্ৰদেশ, দাদৰা আৰু নগৰ হাভেলী, মিজোৰাম আৰু নাগালেণ্ডত এতিয়া এখনকৈ চিকিৎসা মহাবিদ্যালয় আছে। এইফালে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৬৫খনলৈ বৃদ্ধি তেলেংগানাৰ। এইফালে এখনকৈ চিকিৎসা মহাবিদ্যালয় থকা গোৱা আৰু চণ্ডীগড়ে এমবিবিএছৰ আসন কিছু পৰিমাণে বৃদ্ধি কৰিছে ।
এইফালে ৰাজস্থানত উল্লেখযোগ্য উত্থান ঘটিছে চিকিৎসা মহাবিদ্যালয়ৰ ক্ষেত্ৰত। ২০১৩-১৪ চনত ১৭৫০খন আসনৰ সৈতে ১০খন কলেজ আছিল ৰাজস্থানত। ২০২৪-২৫ চনত ৰাজস্থানত কলেজৰ সংখ্যা হয় ৪৩ খন । ঠিক একেদৰে আসনৰ সংথ্যা বৃদ্ধি হয় ৬৪৭৫খনলৈ।