নৰ্থ- ইষ্ট এন এছ এছ ফেষ্টিভেল ২০২৫ত মেধাৱী দক্ষতা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সাফল্য...

নৰ্থ- ইষ্ট এন এছ এছ ফেষ্টিভেলত উপস্থাপন প্ৰতিযোগিতাত দ্বিতীয় বৰ্ষৰ বি টেক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ ছাত্ৰী প্ৰেমীছা ঠাকুৰীয়ে প্ৰথম স্থান দখল কৰিছে।

author-image
Asomiya Pratidin
New Update
415

ডিজিটেল ডেস্ক : নৰ্থ- ইষ্ট এন এছ এছ ফেষ্টিভেল ২০২৫ত সাফল্য সাভ কৰিছে মেধাৱী দক্ষতা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। নৰ্থ- ইষ্ট এন এছ এছ ফেষ্টিভেলত উপস্থাপন প্ৰতিযোগিতাত দ্বিতীয় বৰ্ষৰ বি টেক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ ছাত্ৰী প্ৰেমীছা ঠাকুৰীয়ে প্ৰথম স্থান দখল কৰিছে।

উল্লেখ্য যে, প্ৰেমীছাই ৰাজ্যৰ সংস্কৃতি, বৈচিত্ৰ্য, আৰু জনগাঁথনি শীৰ্ষক বিষয়বস্তুৰ ওপৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁৰ এই সাফল্যত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অভিনন্দন জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ এন এছ এছৰ আঞ্চলিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হয় এই ফেষ্টিভেল। তাৰোপৰি ছিকিম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগ আৰু এন এছ এছ কোষৰ সহযোগত আয়োজন কৰা হয় ফেষ্টিভেলখনিৰ।

বিশ্ববিদ্যালয়