তিনিচুকীয়াৰ ছ্যুকাফা নগৰত কেন্দ্ৰীয় মে-ডাম-মে-ফী উদযাপন

তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ উদ্যোগত আৰু সদৌ তাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত জিলাখনৰ ছ্যুকাফা নগৰৰ তাই সংস্কৃতি চৰ্চা কেন্দ্ৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে ৪৩ সংখ্যক কেন্দ্ৰীয় মে-ডাম-মে-ফী উৎসৱটি উদযাপন কৰা হয়। 

author-image
Asomiya Pratidin
New Update
34

ডিজিটেল ডেস্ক : আজি পৱিত্ৰ মে-ডাম-মে-ফী। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াতো উদযাপন কৰা হৈছে মে-ডাম-মে-ফী। তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ উদ্যোগত আৰু সদৌ তাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত জিলাখনৰ ছ্যুকাফা নগৰৰ তাই সংস্কৃতি চৰ্চা কেন্দ্ৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে ৪৩ সংখ্যক কেন্দ্ৰীয় মে-ডাম-মে-ফী উৎসৱটি উদযাপন কৰা হয়। 

অনুষ্ঠানটিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনসুৰি পুৱা ৯.১৫ বজাত পতাকা উত্তোলন কৰা হয়। তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পতাকা উত্তোলন কৰে কেন্দ্ৰৰ সভাপতি চাও নকুল কোঁৱৰে। পতাকা উত্তোলনৰ পাছতে মৈদাম তৰ্পন কৰা হয়। ইয়াৰ পাছতে চাওল্যুং ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়।

BOSS  7

একেদৰে তাই সংস্কৃতি চৰ্চা কেন্দ্ৰ প্ৰাংগনত দিনৰ ১২.৩০বজাত কেন্দ্ৰটোৰ সভাপতি চাও নকুল কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা তথা সম্বৰ্ধনা আৰু জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান। উল্লেখ্য যে, তাই আহোমসকলৰ এই পৱিত্ৰ উৎসৱটিৰ উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা। 

তেখেতৰ লগতে অনুষ্ঠানটিত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি শোভাবৰ্ধন কৰে। এই অনুষ্ঠানটিত উপস্থিত হৈ সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে কয়-  ‘মে-ডাম-মে-ফীত উপস্থিত থাকি মই কৃতাৰ্থ হৈছো’। ‘ময়ো পূৰ্বপুৰুষসকলক স্মৰণ কৰিছো।’

AMIN BOSS

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে, এসময়ত অসমত বঙালী ভাষাৰ প্ৰচলন হৈছিল। অসমত চৰকাৰী ভাষা আছিল বঙালী ভাষা। সেই সময়তে মোৰ প্ৰপিতামহ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱে হেমকোষ আৰু ব্যায়াকৰণ প্ৰণয়নৰ দ্বাৰা অমসীয়া ভাষাক পুনৰ নতুনকৈ সজীৱ কৰি থৈ যায়।

BOSS 4

ইফালে, আজিৰ এই পৱিত্ৰ অনুষ্ঠানটিত আছুৰ সভাপতি উৎপল শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে নিজৰ বক্তৃতা আগবঢ়ায়। ইয়াৰ পাছত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে স্মৃতিগ্ৰন্থ উন্মোচন কৰে। ইফালে, বিশিষ্ট তাই সংস্কৃতি সাধক ম্লুং শংকৰ গগৈক ডামচাও অজিত গগৈ সোঁৱৰণী সমন্বয় বঁটা প্ৰদান কৰা হয়। তাৰ পাছতে বিশেষ সম্বৰ্ধনা অনুষ্ঠান আৰু জ্ঞাতি ভোজেৰে এই পৱিত্ৰ অনুষ্ঠানটিৰ সফল সামৰণি পৰে।

তিনিচুকীয়া