বৰহোলাত মে-ডাম্-মে-ফি উদযাপন

আজি মে-ডাম্-মে-ফি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰহোলাতো বৰহোলা তাই আহোম ভাষা ও সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত ৩১ সংখ্যক মে-ডাম্-মে-ফি উদযাপন কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
30

ডিজিটেল সংবাদ, ঘিলাধাৰী : আজি মে-ডাম্-মে-ফি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰহোলাতো বৰহোলা তাই আহোম ভাষা ও সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত ৩১ সংখ্যক মে-ডাম্-মে-ফি উদযাপন কৰা হয় ৷

এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে  চাও চম্পক গগৈয়ে। মৈদাম তৰ্পণ কৰে বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল গগৈয়ে,ফুৰালুং কৰে চাও মনোজ দুৱৰাই ৷

এনেদৰে দিনজোৰা কাৰ্যসূচীৰে আহোম জনগোষ্ঠীয় পৰম্পৰাগত ৰীতি-নীতিয়ে পুলিন-পুথাওসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি সকলোৰে মংগলৰ কামনা কৰে ৷ ইয়াৰ পিছতে এক প্ৰীতি ভোজনৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীৰ তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

বৰহোলা