/asomiyapratidin/media/media_files/2026/01/04/jhgjhgujghgu-2026-01-04-18-59-23.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত আৰু সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সহযোগত ৩০,৩১ আৰু ১ ফেব্ৰুৱাৰীত শিৱসাগৰত আন্তৰ্জাতিক মে-ডাম-মে-ফি উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ৷ উদযাপন সমিতিয়ে সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰে এই কথা ৷
উদ্যোক্তা সকলৰ হৈ ভৈৰৱ মুণ্ডা, বসন্ত গগৈ আৰু কংকন বৰাই সদৰী কৰে যে, শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰৰ চাউলুং চ্যুকাফা সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ’ব এই মে-ডাম-মে-ফি ৷ এইবাৰ পৰম্পৰাগত কাৰ্যসূচীৰ উপৰিও বৃহত্তৰ অসমীয়া জাতিসত্তাটোক প্ৰতিনিধিত্ব কৰিব পৰাকৈ কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
মে-ডাম-মে-ফিৰ সৈতে সংগতি ৰাখি আন্তৰ্জাতিক শৈক্ষিক কনক্লেভ, তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ষ্টাৰ্টআপ আৰু উদ্যোগী সভা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথান দৌৰ, সাংস্কৃতিক শোভাযাত্রা আদিৰো আয়োজন কৰা হৈছে। তাৰোপৰি মুকলি সভা, স্থানীয় সংগঠনৰ নেতৃবৃন্দৰ সভা, নাটক প্ৰদৰ্শন, মহিলা সমাৱেশ, বাৰেৰহণীয়া সাস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।
এই আন্তর্জাতিক মে-ডাম-মে-ফিত থাইলেণ্ড, ভিয়েটনাম আৰু লাওচৰ আন্তর্জাতিক টাই প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। তাৰোপৰি উপস্থিত থাকিব প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিচাৰৌটি, বিবিচিৰ এচিয়া পেচিফিকৰ এডিটৰিয়েল লীড শচীন গগৈ, শিক্ষাবিদ ড০ শিখা কোঁৱৰ, ড০ নীলাক্ষী বৰগোহাঁই, ড০ কৰবী ডেকা হাজৰিকা। আটাইকেইটা কাৰ্যসূচীতে সমূহ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us