/asomiyapratidin/media/media_files/2026/02/21/new-ap-web-2026-02-21-18-59-11.jpeg)
ডিজিটেল সংবাদ,মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কামৰূপ(গ্ৰাম্য) জিলাৰ সাধাৰণ সম্পাদক,দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা এসময়ৰ কংগ্ৰেছ কৰ্মী বিনোদ কলিতাৰ শুকুৰবাৰে নিশা দেহাৱসান ঘটে। খবৰ মতে,জণ্ডিচ ৰোগত ভুগি জিএমচিএইচত চিকিৎসাধীন অৱস্থাত তেখেতৰ মৃত্যু হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/21/whatsapp-i-2026-02-21-18-56-42.jpeg)
কা আন্দোলন লগতে জুবিন গাৰ্গ ন্যায়ৰ দাবীত বিভিন্ন সময়ত প্ৰতিবাদ বিক্ষোভ কৰাৰ উপৰি কুলসীৰ নদী বান্ধ,বৰদুৱাৰৰ ছেটেলাইট টাউনশ্বীপ,ৰামপুৰৰদৰাবিল,মামণি ৰয়ছম গোস্বামীৰ জগলীয়াৰ কৃষিভূমিত বণীয়াৰ আগ্ৰাসনৰ বিৰোধীতা কৰি গৈছিল কলিতাই। এসময়ত কলিতাই আমৰাঙ্গা-বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ গোটৰ সাধাৰণ সম্পাদক পদতো আছিল। সাধাৰণভাৱে জীৱন যাপন কৰি শেষত এখন ই-ৰিক্সা ক্ৰয় কৰি পৰিয়াল চলাই গৈছিল কলিতাই।
তেওঁৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ লোক তেওঁৰ মাজকুছি অঞ্চলৰ দোৱাপাৰাৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁৰ মৃত্যুত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাস,দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি বেদব্ৰত দাস,সাধাৰণ সম্পাদক চন্দন কলিতা,বিধায়ক হেমাংগ ঠাকুৰীয়া,বিজেপি নেতা অনুপ কুমাৰ মেধি,কংগ্ৰেছ নেতা কিশোৰ দাসেওগভীৰ শোক প্ৰকাশ কৰে। লগতে তেওঁৰ মৃত্যুত দক্ষিণ কামৰূপত গভীৰ শোকৰ ছাঁ পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us