আমেৰিকাত মীৰা নায়াৰৰ পুত্ৰ মামদানীৰ যাদু...

আমেৰিকাৰ এগৰাকীৰ মেয়ৰক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা চলিছে । সেই গৰাকীৰ মেয়ৰ হৈছে নিউয়ৰ্কৰ চহৰ নবনিৰ্বাচিত মেয়ৰ ভাৰতীয় বংশোদ্ভৱ জহৰান মামদানী । উল্লেখ্য যে, ভাৰতীয় চলচিত্ৰ নিৰ্মাতা

author-image
Asomiya Pratidin
New Update
DDDDDDDDDDDDDD

ডিজিটেল ডেস্ক : আমেৰিকাৰ এগৰাকীৰ মেয়ৰক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা চলিছে । সেই গৰাকীৰ মেয়ৰ হৈছে নিউয়ৰ্কৰ চহৰ নবনিৰ্বাচিত মেয়ৰ ভাৰতীয় বংশোদ্ভৱ জহৰান মামদানী । উল্লেখ্য যে, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা মীৰা নায়াৰ আৰু মহম্মদ মামদানী পুত্ৰ হৈছে জহৰান মামদানী ।

উল্লেখ্য যে, যেতিয়াই নিউয়ৰ্ক চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ কথা প্ৰকাশ পাইছিল তেতিয়া জয়ৰ কোনা সম্ভাৱনাই নাছিল । মাত্ৰ ১ শতাংশ জয়ৰ সম্ভাৱনা আছিল বুলি প্ৰকাশ পাইছিল । কিন্তু ১ শতাংশৰ পৰা ১০০ শতাংশলৈ কেনেকৈ ৰূপান্তৰ কৰিছিল সেয়া শুনিলে আচৰিত হব ।

 জহৰান মামদানীৰ বাবে তীব্ৰ প্ৰত্যাহ্বান আছিল কেইবাইটাও বিষয়ে । তাৰ ভিতৰত আছিল উচ্চ হাৰত মূল্য বৃদ্ধি,নিউয়ৰ্ক চহৰৰ বজাৰ ব্যৱস্থা, কৰ সংগ্ৰহৰ ব্যৱস্থা, ব্যয়বহুল যাতায়তৰপৰা মুক্ত কৰা আৰু নিউয়ৰ্ক চহৰৰ পদপথত থকা লোকক ঘৰ প্ৰদানৰ ব্যৱস্থা কৰা । কিন্তু এই সমূহ নিৰ্বাচনৰ মূল ই্চ্ছু হোৱাৰ লগতে কেইবাটাও বিষয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছেল মামদানীয়ে । যেতিয়া নিৰ্বাচত প্ৰতিদ্বন্দ্বিতা বাবে ভোটাৰৰ কাষলৈ যাবলৈ ধৰিলে তেতিয়া কোনেও চিনি পোৱা নাছিল মামদানীক । 

 তাৰ বিকল্প হিচাপে সামাজিক মাধ্যম আৰু নিউয়ৰ্ক চহাৰৰ ভোটাৰৰ কাষ চাপিছিল মামদানীয়ে । সময় যিমানে বাগৰিলে তেতিয়া সকলো পৰিৱৰ্তন হল ।ক্ৰমান্বয়ে ডেমক্ৰিটিক ছছিয়েলইষ্ট অব আমেৰিকাৰ দলৰ প্ৰাৰ্থী মহম্মদ মামদানী জনপ্ৰিয় হৈ পৰিল ।

শূণ্যৰ পৰা আৰম্ভ কৰি মামদানীয়ে বিজয়ী হোৱালৈকে অৱদান আছে সামাজিক মাধ্যম আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড্ৰ ট্ৰাম্প । ক্ৰমান্বয়ে মেয়ৰ পদৰ বাবে জনপ্ৰিয় হৈ পৰা মামদানীক টাৰ্গেট কৰি ট্ৰাম্পে কৈছিলমামদানী কমিউনিষ্ট । আমেৰিকাত কমিউনিষ্ট নিবিচাৰো । এক প্ৰকাৰ মামদানীক পাগল আখ্যা দি ট্ৰাম্পে নিউয়ৰ্ক চহৰবাসীক সাৱধান কৰি দিছিল যে, যদি কমিউনিষ্ট মামদানী নিৰ্বাচনত জয়লাভ কৰে তেতিয়া মই নিউয়ৰ্কৰ উন্নয়নৰ পুঁজি আৱন্টন বন্ধ কৰি দিম ।

আনহাতে মামদানীয়ে, নিউয়ৰ্ক চহৰত থকা বিলিয়নাৰৰ পৰা কৰ সংগ্ৰহ কৰা আৰু সৰ্বসাধাৰণক কৰৰ পৰা কিছু সকাহ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । সেই কৰৰ কথা কেতিয়াও পূৰ্বৰ নেতাসকলে কবলৈ সাহস কৰিব পৰা নাছিল । কিন্তু মামদানীৰ কথাৰ পাছতে বিলিয়নাৰ সকলে বৃহত পৰিমাণৰ ধন খৰচ কৰিছিল মামদানীৰ প্ৰচাৰৰ বিৰুদ্ধে । বিলিয়নাৰ সকলে মামদানীৰ বিৰুদ্ধে লাখ লাখ ডলাৰ খৰচ কৰিও মেয়ৰ হিচাপে নিৰ্বাচনিত হোৱাত বাধা প্ৰদান কৰিব নোৱাৰিলে ।

যদি নিউয়ৰ্ক চহৰৰ জনগাঁথনিলৈ যদি চাওঁ তেতিয়া হলে, এচিয়া মহাদেশৰ ৩০ শতাংশ, আফ্ৰিকাৰ ১০ শতাংশ, মূল আমেৰিকাৰ ৩০ শতাংশ নাগৰিক থাকে বিশ্বৰ আগশাৰী চহৰখনত ।   বিশ্বৰ শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাৰ অৰ্থনীতিৰ ক্ষেত্ৰত বৃহত অবদান আছে নিউয়ৰ্ক চহৰৰ । আমেৰিকাৰ নিউয়ৰ্ক চহৰে ১ ত্ৰিলিয়ন ডলাৰ জিডিপি প্ৰদান কৰে বছৰত । সেই সূত্ৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকৰ সমাগম আৰু বসবাসস্থলী ।

 যদিও ট্ৰাম্প আৰু বিৰুধো পক্ষই খ্ৰীষ্টান আৰু ইহুদী বিৰোধী বলি মামদানীৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল বিৰোধীয়ে তথাপিও মামদনীয়ে কৰ ব্যৱস্থাক লৈ ভোটাৰ ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছিল ।

 সকলো সমালোচনা আৰু প্ৰত্যাহ্বানক নেওচি ৩৪ বছৰীয়া মামদানীয়ে আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত হয় । ইয়াৰ লগে লগে জহৰান মামদানীয় কেইবাটও ইতিহাস ৰচিবলৈ সক্ষম হয় । সেই ৰেকৰ্ডৰ ভিতৰত কম বয়সীৰ মেয়ৰ, ভাৰতীয় বংশোদ্ভৱন মুছলমান ব্যক্তি, প্ৰথম দক্ষিণ এছিয়াৰ মুছলমান ব্যক্তি হিচাপে পৰিগণিত হৈছে জহৰাণ মামদানী 

আমেৰিকা