বৰদিয়া লক্ষ্মী পূজা মণ্ডপত 'মায়ঙৰ স্মৃতিৰ ৰেঙনি" শীৰ্ষক গ্ৰন্থ উন্মোচন

আজি মৰিগাঁও জিলাৰ মায়ঙৰ বৰদিয়া লক্ষ্মী পূজা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত পূজা থলীত বাবুল চন্দ্ৰ লহকৰৰ "মায়ঙৰ স্মৃতিৰ ৰেঙনি" নামৰ গ্ৰন্থ খন উন্মোচন কৰা হয়।

author-image
Tushar Pratim
New Update
MAYONG 07

ডিজিটেল সংবাদ মায়ং:  "মানুহৰ জীৱনলৈ যেতিয়া হতাশা, বিষাদগ্ৰস্ততা,বিপথগামী চিন্তা চেতনা আহে তেতিয়াই গ্ৰন্থৰ আশ্ৰয় ল’ব লাগে। ভাল ভাল গ্ৰন্থ পঢ়িব লাগে।কাৰণ অতীজৰে পৰাই বৰ্বৰ জাতিৰ বাহিৰে সভ্য জাতিটোক আজিলৈকে গ্ৰন্থইহে শাসন কৰি আছে।কীৰ্ত্তন, ৰামায়ণ, মহাভাৰত, গীতা, ভাগৱত, কোৰান আদি ধৰ্ম গ্ৰন্থবোৰেই তাৰ প্ৰমাণ। জুবিন গাৰ্গে কোৱাৰ দৰে গ্ৰন্থক বাদ দি গামোচাই জাতি ৰক্ষা কৰিব নোৱাৰে।গতিকে যিমান পাৰি ভাল ভাল কিতাপসমূহ অধ্যয়ন কৰাৰ দৰকাৰ।"

এই মন্তব্য মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক তথা লেখক ড০ উৎপল নাথৰ। আজি মৰিগাঁও জিলাৰ মায়ঙৰ বৰদিয়া লক্ষ্মী পূজা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত পূজা থলীত বাবুল চন্দ্ৰ লহকৰৰ "মায়ঙৰ স্মৃতিৰ ৰেঙনি" নামৰ গ্ৰন্থ খন উন্মোচন কৰি উন্মোচকৰ ভাষণত এইদৰে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই উৎপল নাথে।

সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত বেংক বিষয়া কুমুদ মেধিৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত আমন্ত্রিত অতিথিৰ ভাষণ প্ৰদান কৰে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন বিষয় শিক্ষক লোকেন্দ্ৰ হাজৰিকা, পূব মায়ং মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰামচন্দ্ৰ নাথ, ৰামদিয়া আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল চন্দ্ৰ ডেকা, একেখন বিদ্যালয়ৰে শিক্ষয়িত্ৰী কিৰণ ডেকা, ৰিজু  ভৰালী, মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ হাহিৰাম লহকৰ, শিক্ষক ৰূপেশ্বৰ মেধিয়ে।

সাংবাদিক নজৰুল ইছলামে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক যতীন কলিতাই। শলাগৰ শৰাই আগবঢ়াই বৰদিয়া গাঁৱৰ যুৱ সমাজ কৰ্মী ধনীৰাম ডেকাই।

সভাত উপস্থিত থাকে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত কলিতা, মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰাপদ শইকীয়া, মায়ং গাঁও পঞ্চায়তৰ সভাপতি দীপাংকৰ কলিতা, আঞ্চলিক সদস্যা কবিতা ডেকা, বৰদিয়া জি এন বি মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণু প্ৰভা লস্কৰকে ধৰি গাঁওখনৰ শতাধিক লোক।

উল্লেখ্য যে গ্ৰন্থখনৰ লেখক বাবুল চন্দ্ৰ লহকৰ যদিও ৰামদিয়াত থাকে তেখেতে শৈশৱ, কৈশোৰ আৰু যৌৱনকাল যিহেতু মায়ঙৰ বৰদিয়া গাঁৱতে কটাইছিল সেয়ে মায়ঙৰ স্মৃতি ৰোমন্থন কৰি প্ৰকাশ কৰা গ্ৰন্থখনি আজি মায়ঙৰ বৰদিয়াৰ পূজা মণ্ডপত উন্মোচন কৰে।

মায়ং গ্ৰন্থ উন্মোচন