/asomiyapratidin/media/media_files/2025/11/18/ap-web-mayong-2025-11-18-16-01-00.jpg)
ডিজিটেল সংবাদ,মায়ংঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱৰ ঐতিহাসিক মায়ঙতো অসমৰ সংগীত জগতৰ মহানায়ক তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হয়। প্ৰাণৰ শিল্পী গৰাকীৰ মহাপ্ৰয়াণৰ পিছত উদযাপন কৰে প্ৰথমটো জন্মদিন।
উল্লেখ্য যে মায়ঙৰ এগৰাকী চৰকাৰী কৰ্মচাৰী উত্তম বৰাৰ ব্যক্তিগত প্ৰচেষ্টাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি গুৱাহাটী মায়ং ৰাজ্যিক ঘাই পথৰ কাষতে ৰাইজৰ বাবে মুকলি কৰি দিয়ে। প্ৰায় এক লাখ টকা খৰচ কৰি অংকন কৰা প্ৰতিচ্ছবি খন উন্মোচন কৰে ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোৱৰে।
তাৰোপৰি মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল নাথে আত ধৰা অনুষ্ঠানটোত মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মায়াবিনী গীত পৰিৱেশন কৰে । ইপিনে উত্তম বৰা বিদ্যুত বিভাগৰ এগৰাকী নিষ্ঠাবান কৰ্মচাৰী ।
আনফালে আজিৰ অনুষ্ঠানত উপস্থিত থাকে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফনিভূষন নাথ,কাৰ্যালয় সহায়ক বিপুল ডেকা,মিনাৰ্ভা একাডেমীৰ অধ্যক্ষ পুলেন ৰংহাং,অধ্যাপিকা লীনা কলিতা,সমাজ কৰ্মী মুকুত বিষয়া,দিপন কাঠাৰ, মনোজ নাথ,দুৰ্গেশ্বৰ নাথকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি আৰু মায়ং আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us