/asomiyapratidin/media/media_files/2025/12/26/whatsapp-2025-12-26-12-10-14.jpeg)
ডিজিটেল ডেস্কঃ পবিতৰা অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব হাদুগ মেলা। আজিৰে পৰা পবিতৰাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে হাদুগ মেলা। প্ৰকৃতি সংৰক্ষণ আৰু সেউজ অৰ্থনৈতিক ভেটি টনকীয়াল কৰাই প্ৰধান লক্ষ্য এই মেলাৰ।
/asomiyapratidin/media/post_attachments/3303cd4c-f58.png)
পবিতৰা অভয়াৰণ্যৰ পাৰিপাৰ্শ্বিকতা উন্নয়ন সমিতি সমূহৰ উদ্যোগত ২৬ ,২৭ আৰু ২৮ ডিচেম্বৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে “হাদুগ মেলা"ৰ ।ইতিমধ্য ফিটা কাটি দুৱাৰ মুকলি,পতাকা উত্তোলন,বন্তি প্ৰজ্বলন আৰু পূজাৰ কৰা হয় ৷ পবিতৰা অভয়াৰণ্যৰ অন্তৰ্গত পাৰিপাৰ্শ্বিকতা উন্নয়ন সমিতি সমূহৰ দ্বাৰা উৎপাদিত বস্ত্ৰ ,হস্ততাঁত , মেটেকা আৰু বাঁহ বেতৰ সামগ্ৰী তথা অলংকাৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে লোক সংস্কৃতি আৰু হাদুগ বিল পূজনৰ মাংগলিক কাৰ্যসূচীৰে প্ৰথম বাৰৰ বাবে হাদুগ মেলাৰ শুভাৰম্ভ কৰে সমিতিৰ সভাপতি দিপন কাঠাৰে ৷
/asomiyapratidin/media/post_attachments/ceaacd03-cfb.png)
মেলাৰ বিপনীৰ দ্বাৰ উন্মোচন কৰিব কিছু সময়ৰ পাছতেই। সন্ধিয়া ৫ বজাত প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰিব ৷ ২৭ ডিচেম্বৰত পুৱা ৮ বজাত প্ৰদৰ্শন , বস্ত্ৰ আৰু থলুৱা খাদ্য মেলাৰ আৰম্ভণি হ'ব ৷ সন্ধিয়া ৫ বজাত কাৰ্যসূচীৰ সামৰণি পৰিব ৷ ২৮ ডিচেম্বৰত পুৱা প্ৰদৰ্শনী বস্ত্ৰ আৰু থলুৱা খাদ্য মেলাৰ আৰম্ভণি ৷ সন্ধিয়া ৫ বজাত দিনযোৰা কাৰ্যসূচীৰ সমৰণি পৰিব ৷সন্ধিয়া ৫-৩০ বজাত ই ডি চি সমূহৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুস্থিত হ'ব ৷ উক্ত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰণি কান্ত সিংহই । নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আৰু হাদুগ মেলাৰ সামৰণি পৰিব ৷
/asomiyapratidin/media/post_attachments/07fc4280-47e.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us