/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-10-21-03.jpg)
ডিজিটেল সংবাদ,মায়ং: আজি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মৰিগাঁও জিলাৰ কেবাটাও স্থান ভ্ৰমণ কৰিব। ৰাজ্যপালৰ আগমনৰ বাবে ব্যাপক আয়োজন চলি আছে। তেওঁ দিনৰ ১১ বজাত জাগীৰোডৰ নিজৰাপাৰত মাছ উৎপাদন কেন্দ্ৰ এটা পৰিদৰ্শন কৰিব।
তাৰ পাছতেই তেওঁ কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়লৈ যাব। ইয়াৰ পাছত তেওঁ ঝাৰগাঁৱৰ হস্ততাঁত কেন্দ্ৰ এনাজৰী পৰিদৰ্শন কৰিব। দিনৰ ১২.৩০ বজাত তেওঁ কৃষি বিজ্ঞান কেন্দ্ৰ, ঝাৰগাঁৱলৈ আহিব।
কৃষি বিজ্ঞান কেন্দ্ৰত তেওঁ এটা অমৃত সৰোবৰ প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব। তাতেই তেওঁ জিলা প্ৰশাসনৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ ল'ব। পৰ্যালোচনা বৈঠকৰ অন্তত তেওঁ টাটা চেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us