মায়ঙৰ বুৰগাঁও বিলত অবৈধ খনন

মাটি কাটি ইটা ভাটাত বিক্ৰী কৰাৰ অভিযোগ মহলদাৰ উকিল বিশ্বাসৰ বিৰুদ্ধে। লগতে কুম্ভকৰ্ণ নিদ্ৰাত মীন বিভাগ,বন বিভাগ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে - কাৰ ছত্ৰছায়াত চলি আছে এই খনন কাৰ্য।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মায়ংঃ  মায়ঙৰ পকৰীয়া মৌজাৰ বুৰগাঁৱৰ বিলত অবৈধ মাটি খনন। নিশাৰ ভাগত ডাম্পাৰ, দিনত ট্ৰেক্টৰ চলে এই অবৈধ মাটি খনন। ইপিনে বিলৰ পাৰত থকা খেতি পথাৰ অনিষ্ট সাধন কৰিছে  ভূ-মাফিয়াই।  

উল্লেখ্য যে,মাটি কাটি ইটা ভাটাত বিক্ৰী কৰাৰ অভিযোগ মহলদাৰ উকিল বিশ্বাসৰ বিৰুদ্ধে। লগতে কুম্ভকৰ্ণ নিদ্ৰাত মীন বিভাগ,বন বিভাগ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে - কাৰ  ছত্ৰছায়াত চলি আছে এই খনন কাৰ্য। কিয় একো গুৰুত্ব আৰোপ কৰা নাই এই ঘটনাত। 

প্ৰণিধানযোগ্য যে, এক বিঘা মাটি কটাৰ বাবদ এক লাখ টকা লয় মহলদাৰে।কৃষক ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। মাকৈ খেতি আৰু ৰঙা লাউ ৰ খেতি কাটি টহিলং কৰাৰ পাছতো মায়ং ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰী নিমাত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু এই ঘটনাৰ পাছত জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছিল স্থানীয় ৰাইজে । লগতে অভিযোগ দাখিল কৰাৰ পাছতো গুৰুত্ব নাই প্ৰশাসনৰ। পৰৱৰ্তী সময়ত প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। 

মায়ং