মায়ঙত বাইক চোৰৰ দৌৰাত্ম্যঃ একাংশ নাবালকক চুৰিৰ কামত লগাইছে চৰ্দাৰে

মায়ঙত দিনক দিনে বৃদ্ধি পাইছে বাইক চুৰিৰ ঘটনা। প্ৰতিদিনে ইখনৰ পিছত সিখনকৈ বাইক চুৰি হোৱাৰ ঘটনাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
FDSDSADSDSDS

ডিজিটেল সংবাদ মায়ংঃ মায়ঙত দিনক দিনে বৃদ্ধি পাইছে বাইক চুৰিৰ ঘটনা। প্ৰতিদিনে ইখনৰ পিছত সিখনকৈ বাইক চুৰি হোৱাৰ ঘটনাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। এই চুৰি বাইকসমূহ দুৰ্বৃত্তই অসমৰ পৰা মেঘালয়লৈ লৈ নি বিক্ৰী কৰি থকা বুলি সূত্ৰই সদৰি কৰিছে।

উল্লখযোগ্য যে, মাত্ৰ এসপ্তাহতেই মায়ঙৰ বিভিন্ন গাঁৱৰ পৰা তিনিখনকৈ বাইক চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ মায়ং থানাৰ অন্তৰ্গত সিধাগুৰি গাঁৱৰ পৰা এখন পালচাৰ বাইক (নম্বৰ AS 21 K 4229) চুৰি হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে বাইকৰ গৰাকী দিলদাৰ হুছেইনে এতিয়ালৈকে বাইকখন উদ্ধাৰ কৰিব পৰা নাই।

সূত্ৰৰ মতে, একাংশ নাবালকক বাইক চুৰিৰ কাম কৰাইছে চোৰৰ চৰ্দাৰে। কিন্তু আৰক্ষীয়ে এতিয়ালৈ ধৰিব পৰা নাই চৰ্দাৰক। ইয়াৰ পূৰ্বে ঠিক চোৰে আন এখন বুলেট ৩৫০ বাইক চুৰি কৰিছিল। তাৰপিছত বুলেটখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও চোৰকেইটা পলাই যাবলৈ সক্ষম হৈছিল। ফলস্বৰূপে, এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংক সৃষ্টি হৈছে। যাৰবাবে আৰক্ষীক শীঘ্ৰে অভিযান চলাই এই দৌৰাত্ম্যৰ অন্ত পেলাবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। 

মায়ং