New Update
/asomiyapratidin/media/media_files/2026/01/17/1-2026-01-17-11-48-39.jpg)
ডিজিটেল সংবাদ,মায়ংঃ আজি শিল্পী দিৱস। প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত এই দিৱস উদযাপন কৰা হয় । ব্যতিক্ৰম নহয় এইবাৰো ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈমৰিগাঁও জিলাৰ মায়ঙৰ মিনাৰ্ভা একাডেমীতো শিল্পী দিৱস উদযাপন কৰে। ব্যক্তিগত খণ্ডৰ বিদ্যালয় মিনাৰ্ভা একাডেমীৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই প্ৰতি বছৰে এই শিল্পী দিৱস উদযাপন কৰে।
/asomiyapratidin/media/post_attachments/174c5594-3c6.png)
আৰম্ভণিতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই বিশিষ্ট লোকসকলে। লগতে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। শোভাযাত্ৰা উদ্বোধন কৰে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল নাথে।
ইয়াৰ পাছতেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে সাংস্কৃতিক অনুষ্ঠানত গীত-নৃত্য পৰিৱেশন কৰে।অনুষ্ঠানত উপস্থিত থাকে মায়ঙৰ ভালে কেইজন বিশিষ্ট সমাজ কৰ্মী আৰু শিক্ষাবিদ। অধ্যক্ষ পুলেন ৰংহাং আৰু পৰিচালনা সমিতিৰ সম্পাদক নৱ ৰাজনে আদৰনী অনুষ্ঠানৰ আঁত ধৰে।
/asomiyapratidin/media/post_attachments/80932c12-d7a.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us