মায়ঙত গোসাঁই উলিওৱা আৰু গড় ভঙা উৎসৱ উদযাপন

প্ৰতি বছৰৰ দৰে এইবাৰো পৰম্পৰা ৰক্ষা কৰি ঐতিহাসিক মায়ঙত ৩৫৭ সংখ্যক গোসাঁই উলিওৱা আৰু গড় ভঙা উৎসৱটি উলহ মালহেৰে উদযাপন কৰা হয়। প্ৰতি বছৰে ব'হাগৰ ৪,৫ আৰু ৬ ব'হাগত ঐতিহাসিক গোসাঁই উলিওৱা উৎসৱ উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
মায়ঙত গোসাঁই উলিওৱা আৰু গড় ভঙা উৎসৱ উদযাপন

মায়ঙত গোসাঁই উলিওৱা আৰু গড় ভঙা উৎসৱ উদযাপন

ডিজিটেল সংবাদ, মায়ং: প্ৰতি বছৰৰ দৰে এইবাৰো পৰম্পৰা ৰক্ষা কৰি ঐতিহাসিক মায়ঙত ৩৫৭ সংখ্যক গোসাঁই উলিওৱা আৰু গড় ভঙা উৎসৱটি উলহ মালহেৰে উদযাপন কৰা হয়। ঐতিহাসিক মায়ং ৰাজ্যত ১৬৬৮ খ্ৰীষ্টাব্দৰ পৰাই ধাৰাবাহিকভাবে প্ৰতি বছৰে ব'হাগৰ ৪,৫ আৰু ৬ ব'হাগত ঐতিহাসিক গোসাঁই উলিওৱা উৎসৱ আৰু গড় ভঙা উৎসৱটি মায়ঙৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু সকলো সম্প্ৰদায়ৰ লোকে মিলাপ্ৰীতিৰে উদযাপন কৰি আহিছে।

Advertisment

দেওবাৰেও ৰজা মায়ঙৰ ৰজাৰ ৰাজ্ চৰা আৰু বুঢ়া মায়ঙত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। দুপৰীয়াৰ ৰজা মায়ঙৰ পৰা পঞ্চ গোসাঁইক কান্ধত লৈ সহস্ৰাধিক লোকে ৬ কিলোমিটাৰ পথত পদযাত্ৰা কৰি বুঢ়া মায়ঙৰ কেচাঁইখাইতী থানলৈ ৰাওনা হয়। ৰজা তৰনিকান্ত সিংহ কোঁৱৰ আৰু ৰাজ পাৰিষদ বৰ্গক বুঢ়া মায়ঙত অনুষ্ঠিত হোৱা ৰাজ দৰবাৰত বিশিষ্ট অতিথি আৰু উপস্থিত ৰাইজৰ সন্মুখত সম্বৰ্ধনা জনাই। ইয়াৰ উপৰিও পঞ্চ গোসাঁই নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফনিভূষন নাথ,অধ্যাপক ড০ উৎপল নাথ,লোক সংস্কৃতিৰ গৱেষক লোকেন্দ্ৰ হাজৰিকা, পবিতৰাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱা,সমাজকৰ্মী দিপন কাঠাৰ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট  ব্যক্তি। ৰজাৰ সন্মুখতে কেইবাটাও লোক কৃষ্টিৰ দলে জাতীয় সাজপাৰ পিন্ধি নৃত্যও  প্ৰদৰ্শন কৰে। তাৰ কিছু সময়ৰ পিছতেই ৰজা তৰনিকান্ত সিংহ কোৱৰৰ উপস্থিতিত পুনৰ শোভাযাত্ৰা কৰি পঞ্চ গোসাঁইক লৈ ৰজা মায়ঙৰ ৰজাৰ ৰাজ চ'ৰালৈ উভতি আহে। ৰজাৰ ৰাজচৰাৰ সন্মুখতে গড় ভঙা হয়। এইদৰেই ঐতিহাসিক মায়ঙৰ গোসাঁই উলিওৱা আৰু গড় ভঙা উৎসৱটি উদযাপন কৰা হৈ আহিছে। উল্লেখ্য যে, অকনো হীন দেৰি নোহোৱাকৈ আধুনিকতাৰ কোনো প্ৰলেপ নসনাকৈ ৩৫৭টা বছৰ ধৰি এই ঐতিহাসিক উৎসৱটি উদযাপন কৰি অহা হৈছে।  

মায়ং