/asomiyapratidin/media/media_files/2026/02/07/bgyufytser-2026-02-07-16-51-22.jpg)
ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ মায়ং মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত হিন্দী শিক্ষক ভাৰতী শইকীয়া আৰু একেখন বিদ্যালয়ৰ আন এজন অৱসৰপ্ৰাপ্ত শিক্ষক জিতুৰাম কোঁৱৰক বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে শিলডুবি গাঁৱৰ ৰাইজ, বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক সকলৰ সহযোগত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/bc32c113-2f0.png)
গাঁৱৰ বিশিষ্ট নাগৰিক গহীন মেধিৰ সভাপতিত্ব অনুষ্ঠিত সভা খনৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি অনুষ্ঠানৰ আঁত ধৰে সুবোধ মেধিয়ে। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা সমাজ কৰ্মী ৰামচৰণ শইকীয়া, মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মিহিৰ হাজৰিকা, সাংবাদিক নজৰুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষক মুকুত বিষয়া, ভোগেশ্বৰ বৰা, ৰামচৰণ নাথ, ভোজেন্দ্ৰ বৰাকে ধৰি কেইবাজনেও অৱসৰপ্ৰাপ্ত শিক্ষক দুগৰাকীৰ কৰ্মৰত জীৱন সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
আনহাতে, শিক্ষক দুগৰাকীক গামোচা, চেলেং চাদৰ, শৰাই, জাপি, ফুলৰ থোপা, সম্বৰ্ধনা পত্ৰ আৰু কিতাপৰ টোপোলাৰে বিভিন্ন জনে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত মায়ং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা কবিতা ডেকা প্ৰমুখ্যে গাঁৱৰ ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us