/asomiyapratidin/media/media_files/2026/02/21/whatsapp-image-2026-02-21-19-18-54.jpeg)
ডিজিটেল সংবাদ,মায়ংঃ আজি মায়ং আঞ্চলিক মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি 'প্ৰগতি' আলোচনী উন্মোচন কৰি ছাত্ৰ ছাত্ৰী সকলক সাহিত্য সৃষ্টিৰ বাবে উৎসাহিত কৰি বিশিষ্ট সাহিত্যিক প্ৰদীপ পৰাশৰে মন্তব্য প্ৰকাশ কৰে । তেওঁ কয় যে- "সাহিত্য চৰ্চা কৰিবলৈ কোনো সভা সমিতিৰ প্ৰয়োজন নাই। ঘৰৰ পৰাই সাহিত্য চৰ্চা বা সাহিত্যৰ আন্দোলন কৰিব পাৰি। কিন্তু সাম্প্ৰতিক সময়ত সাহিত্য বা সাহিত্যকে এনে এটা পৰ্যায় পাইছে গৈ, য'ত নিৰলে সচাঁ অৰ্থত সাহিত্য সৃষ্টি কৰা সাহিত্যিক সকল উজুটি খাব লগা হৈছে।"
/asomiyapratidin/media/post_attachments/95bb9a27-462.png)
মৰিগাঁৱৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ২০২৬ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহৰ সামৰণি উপলক্ষে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফনিভূষণ নাথে। আজি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক দলবোৰৰ উপৰিও আজি বিশেষ গুৰুত্ব লাভ কৰে হার্টথ্রব জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ প্ৰতীকীৰূপত উলিওৱা এটি শোকবিহ্বল দৃশ্যই।
/asomiyapratidin/media/post_attachments/bc0d28d4-01f.png)
ছাত্ৰ ছাত্ৰী সকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি দোষীক শীঘ্ৰেই শাস্তি প্ৰদানৰ দাবীত ৰাজপথত শ্লোগান দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হয়। ইয়াৰ পাছতেই মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ১ বজাত আৰম্ভ হয় মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান। মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক তথা বিশিষ্ট সমাজ কৰ্মী প্ৰফুল্ল ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যাপক তথা সাংস্কৃতিক বিভাগৰ তত্ত্বাৱধায়ক পৱন কুমাৰ বিষয়াই।
উল্লেখ্য যে, মহাবিদ্যালয়ৰ অধ্যাপক ৰবিন কলিতাই আঁত ধৰা মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি সকলক আদৰণি জনোৱা হয়। আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত কলিতাই। মহাবিদ্যালয় সপ্তাহত অনুষ্ঠিত ক্ৰীড়া,সাহিত্য,সাংস্কৃতিক আদি কৰি ২৮ টা প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক একোটাকৈ মেডেল,মানপত্ৰৰ লগতে ট্ৰফি বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা প্ৰদান কৰা হয়। ইপিনে অধ্যাপক অতুল নাথৰ তত্বাৱধানত প্ৰকাশিত মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী "প্ৰগতি" উন্মোচন কৰা হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ মহানন্দ বৰা,উপাধ্যক্ষ কবিতা ডেকা,অৱসৰপ্ৰাপ্ত শিক্ষক মুকুত বিষয়া,ক্ৰীড়া সংগঠক মনোজ নাথ, অৱসৰপ্ৰাপ্ত শিক্ষক দেবেশ্বৰ শইকীয়াকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি।
/asomiyapratidin/media/post_attachments/2feb596e-5fc.png)
খেল বিভাগৰ তত্ত্বাৱধায়ক তথা অধ্যাপক ড০ মিনাক্ষী তামুলী,ড০ উৎপল শইকীয়া আৰু ৰফিকুল ইছলামে ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে। আজিৰ বঁটা প্ৰদান অনুষ্ঠানত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা তিনিটা দলক বিশিষ্ট অতিথিৰ দ্বাৰা পুৰস্কাৰ প্ৰদান কৰা হয়।প্ৰথম স্থান দখল কৰে জুবিনৰ অন্তিম যাত্ৰাৰ প্ৰতীকীৰূপত উপস্থাপন কৰা দলটোৱে,দ্বিতীয় স্থান অসমীয়া জাতিৰ জনক মহাপুৰুষ শংকৰদেৱৰ অভিনয় কৰা দলটোৱে আৰু তৃতীয় স্থান দখল কৰে দৌলযাত্ৰাৰ দলটোৱে। বিয়লিৰ ভাগত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ আঁত ধৰে অধ্যাপক ড০ উৎপল নাথে।
/asomiyapratidin/media/post_attachments/55a3459d-04f.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us