/asomiyapratidin/media/media_files/2025/09/03/1-2025-09-03-18-33-51.jpg)
ডিজিটেল সংবাদ,দিল্লীঃ বিজেপি চৰকাৰৰ পতন বিচাৰি এইবাৰ দোৱা কৰিছে মৌলানা মাদানীয়ে৷ গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে জমিয়ত উলেমাৰ মুৰব্বী মৌলানা আৰ্শ্বাদ মাদানীয়ে কৰিছে সমূহীয়া দোৱা৷ কংগ্ৰেছৰ অতিকৈ আপোন মৌলানা মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰী যাতে গৌৰৱ গগৈ হয় তাৰ বাবে দোৱা কৰিছে।
যিসকলৰ ভূমি কাঢ়িছে, সেইসকলৰো ভূমি আল্লাই যাতে কাঢ়ি নিয়ে তাৰ বাবে দোৱা কৰিছে মাদানীয়ে৷ উচ্ছেদ চলোৱা অপশক্তি নিপাত যোৱাৰ কামনা কৰি মুছলমানৰ নামত অপপ্ৰচাৰ চলোৱাসকলক আল্লাই কেতিয়াও ক্ষমা নকৰে বুলি উল্লেখ কৰি জমিয়ত উলেমা-ই-হিন্দৰ সভাত সমূহীয়া দোৱা কৰিছে মৌলানা মাদানীয়ে৷
বাংলাদেশী মুছলমানৰ সমৰ্থক মৌলানা মাদানীয়ে অসমৰ খিলঞ্জীয়া লোকসকলৰ প্ৰতি এনেদৰে ভাবুকিৰ সৃষ্টি কৰি অহা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে অসমৰ লাখ লাখ বিঘা মাটি অচিনাকি লোকে দখল কৰাৰ ফলত অসমীয়া জাতি এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
আনহাতে সত্ৰ, ট্ৰাইবেল বেল্ট আৰু ব্লক, বনাঞ্চল, জলাশয়ৰ মাটি দখল কৰি অচিনাকি মানুহে খিলঞ্জীয়া অধ্যুষিত অঞ্চলসমূহত জনগাঁথনিৰ উৎকট পৰিৱৰ্তন কৰাৰ উপৰি অসমৰ শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।
অসমীয়া বিৰোধী এই ষড়যন্ত্ৰক ওফৰাবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া অসমীয়াৰ লক্ষাধিক বিঘা ভূমি অচিনাকি মানুহৰ পৰা উচ্ছেদৰ জৰিয়তে মুকলি কৰাত মৌলবাদী গোটবোৰে নিতৌ অসম আৰু অসমীয়া বিৰোধী স্থিতি লৈ আহিছে।
শেহতীয়াকৈ খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষাৰ বাবে নিৰন্তৰ কাম কৰি থকা অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পতন বিচাৰি জমিয়ত উলেমাই দোৱা কৰি একপ্ৰকাৰ অসমীয়া জাতিৰ পতনৰ কামনা কৰা বুলি সচেতন মহলে মন্তব্য কৰিছে৷
ইপিনে, কংগ্ৰেছে পৰোক্ষভাৱে মৌলানা মাদানীক ঢাল হিচাপে লৈ নিৰ্বাচনী বৈতৰণী পাৰ হ’ব চেষ্টা চলোৱা বুলি একাংশই অভিযোগ কৰিছে৷ মৌলানা মাদানীৰ এই কাৰ্যক সমালোচনা কৰি মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰে৷
দুৰ্ভাগ্যজনকভাৱে অসম প্ৰদেশ কংগ্ৰেছ বিফল হোৱাৰ পাছত অসমত এনেদৰে তেওঁলোক জয়ী হ'বলৈ চেষ্টা চলোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কংগ্ৰেছক বাংলাদেশত নিৰ্বাচন খেলিবলৈ কয়৷ তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয় যে কংগ্ৰেছে বাংলাদেশ(যদি নিৰ্বাচন অনুষ্ঠিত হয়)ত ২০২৬ চনৰ নিৰ্বাচনত জয়ী হ’বলৈ চেষ্টা চলাব পাৰে৷
আন এগৰাকী মন্ত্ৰী কৌশিক ৰায়ে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কংগ্ৰেছৰ অতিকৈ আপোন মৌলানা মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'বৰ বাবে দোৱা কৰিছে। তেওঁ জনা উচিত যে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সনাতনী হয়। যেতিয়ালৈকে সূৰ্য আৰু চন্দ্ৰ থাকিব তেতিয়ালৈকে অসমত সনাতনী ব্ৰতী থাকিব।
আনহাতে, আৰবীয় সংস্কৃতিৰে হিন্দুস্তানক নিজৰ দেশ হিচাপে পৰিগণিত কৰিব বিচৰা এইসকলৰ দোৱাৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পদচ্যুত কৰি কংগ্ৰেছে অসমত চৰকাৰ বনোৱাৰ পৰিকল্পনা কৰিছে বুলি সামাজিক মাধ্যমত উল্লেখ কৰিছে বিধায়ক মানৱ ডেকাই৷