/asomiyapratidin/media/media_files/2025/10/14/518-2025-10-14-19-55-39.jpg)
ডিজিটেল সংবাদ, হোজাই : হিন্দু ধৰ্মাৱলম্বী লোকৰ ওচৰত অৱশেষত ক্ষমা খুজিলে হোজাইৰ মৌলানা হাফিজ আলা উদ্দিনে ৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যথেষ্ট ভালপোৱাৰ কাৰণে তথা শিল্পীগৰাকীৰ অকাল মৃত্যুত ব্যথিত হৈ মৌলানা হাফিজ আলা উদ্দিনে এইবেলি দেৱালী নাপাতিবলৈ অসমবাসী ৰাইজক আহ্বান জনাইছিল বুলি মন্তব্য কৰে ৷
উল্লেখ্য যে কেইদিনমান পূৰ্বে মৌলনাগৰাকীয়ে আগন্তুক দেৱালী উদযাপন নকৰিবলৈ অসমবাসীক আহ্বান জনাইছিল ৷ এক ভিডিঅ’ত ‘সঁচাকৈ যদি আমি জুবিন অনুৰাগী, জুবিনৰ মৃত্যুত যদি আমি সঁচাকৈ ব্যথিত, তেন্তে দেৱালী বৰ্জন কৰক’ বুলি অসমৰ ৰাইজক দেৱালী উদযাপন নকৰিবলৈ আহ্বান জনাইছিল ৷
দল-সংগঠনৰ অসমত দেৱালী নাপাতিবলৈ জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই মৌলানাগৰাকীয়ে জুবিন গাৰ্গক ন্যায় দিবলৈ মুখ্যমন্ত্ৰীকো কাতৰ আহ্বান জনাইছিল ৷ জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে দেৱালী উদযাপন নকৰিবলৈ অসমবাসীক মৌলানাগৰাকীৰ আহ্বান জনাইছিল ৷
ইয়াৰ পিছতে বিষয়টোক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাত মৌলনাগৰাকীয়ে অসমবাসীৰ ওচৰত ক্ষমা-ভিক্ষা বিচাৰে ৷ আজি এক ভিডিঅ’ বাৰ্তাযোগে তেওঁ কয় যে মই এজন জুবিনৰ অনুৰাগী আৰু অসমীয়া হিচাপে দেৱালী উদযাপন নকৰিবলৈ আহ্বান জনাইছিলো ৷ কোনোবা ধৰ্মক টাৰ্গেট কৰা বা কাৰোবাৰ মনত আঘাত দিয়াৰ তেওঁৰ উদ্দেশ্য মুঠেই নাছিল বুলি মৌলনাগৰাকীয়ে উল্লেখ কৰে ৷
জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যদি ঈদো থাকিলেহেঁতেন, তেন্তে তেওঁ আনন্দ-উলালহেৰে ঈদো পালন নকৰিলহেঁতেন বুলি কয় ৷ জুবিনৰ মৃত্যুত বহুত দুখ লগাৰ বাবে তেওঁ ৰাইজক দেৱালী নাপাতিবলৈ আহ্বান জনাইছিল, দেৱালী বন্ধ কৰাৰ কথা কোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে ৷
দেৱালীত ফটকা ফুটাই আনন্দ উল্লাস কৰাৰহে তেওঁ বিৰোধ কৰিছিল৷ যিটো নেকি অসমৰ বিভিন্ন দল-সংগঠনেও বিৰোধ কৰিছে ৷ সেই দল-সংগঠনৰ আহ্বানক সমৰ্থন জনাই তেওঁ সেই কথাখিনি কোৱা বুলি উল্লেখ কৰে ৷
তেওঁৰ এই কথাত যদি হিন্দু ধৰ্মাৱলম্বী কোনো লোকে দুখ পাইছে, মনত আঘাত পাইছে তাৰ বাবে তেওঁ ক্ষমা বিচাৰিছে ৷ কোনেও যাতে তেওঁৰ এই কথাখিনিক ধৰ্মীয় দিশত টানি লৈ নাযায় তাৰ বাবে তেওঁ সকলোকে আহ্বান জনায় ৷ জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থতহে তেওঁ সেই কথাখিনি কোৱা বুলি উল্লেখ কৰে ৷