/asomiyapratidin/media/media_files/2026/02/04/fedfefrer-2026-02-04-17-55-35.jpg)
ডিজিটেল সংবাদ, তামাৰহাটঃ তামাৰহাটৰ মধ্যপেটলা গাঁৱত এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে, যোৱা ২৮ জানুৱাৰী তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে মধ্যপেটলা গাঁৱৰ বাসিন্দা দিলবৰ হোছেইনৰ ১৬ বছৰীয়া পুত্ৰ সাকিৰুল ইকবাল হাছান।
নিৰুদ্দেশ ছাত্ৰ সাকিৰুল পেটলা গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আৰু অহা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল। পৰীক্ষাৰ আগমুহূৰ্তত হঠাৎ ছাত্ৰগৰাকী নিৰুদ্দেশ হোৱাত পৰিয়ালটোৰ মাজত শোক আৰু আতংকৰ পৰিবেশ সৃষ্টি হৈছে। পিতৃ-মাতৃ আৰু আত্মীয়স্বজনে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ চলাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সন্ধান লাভ কৰা নাই। ছাত্ৰগৰাকী ক’ত গ’ল, কাৰ সৈতে আছে অথবা কোনো দুষ্ট চক্ৰৰ হাতত পৰিল নেকি—এই সকলো প্ৰশ্নই পৰিয়ালটোক গভীৰ দুশ্চিন্তাত পেলাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/04/whatsapp-image-2026-02-04-17-55-56.jpeg)
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীত লিখিত অভিযোগ দাখিল কৰিছে। যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, বৰ্তমানলৈকে ছাত্ৰগৰাকীৰ কোনো সন্ধান পোৱা হোৱা নাই। ইফালে, কোনো সদাশয় ব্যক্তিয়ে যদি নিৰুদ্দেশ ছাত্ৰ সাকিৰুল ইকবাল হাছানৰ বিষয়ে কোনো তথ্য লাভ কৰে, তেন্তে তলত দিয়া নম্বৰসমূহত যোগাযোগ কৰিবলৈ পৰিয়ালৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে। নম্বৰ কেইটা হৈছে- ৮০১১৪৯৮৭৯৬ / ৮৮৭৬৩৪৫১৯৭
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us