'প্ৰণামো মাতৃভাষা'ৰ অভিনৱ পদক্ষেপঃ বিহগুৰিত বিশেষ মাতৃভাষা সজাগতা সভা...

সভাখনত মাতৃভাষা বিশেষকৈ অসমীয়া ভাষা ব্যৱহাৰকলৈ বহুতৰে মনত থকা হীনমান্যতাৰ বিপৰীতে শিশু তথা ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশত মাতৃভাষাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-22 at 2.53.15 PM

ডিজিটেল সংবাদ,তেজপুৰঃ  তেজপুৰৰ বিহগুৰিৰ পিঠাখোৱাৰ চন্দ্ৰনাথ শর্মা স্মৃতি ভৱনত দেওবাৰে মাতৃভাষা সজাগতা সভা অনুষ্ঠিত হয়। প্রণামো মাতৃভাষাৰ উদ্যোগত আৰু শোণিতপুৰ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত অনুষ্ঠিত সভাত প্রণামো মাতৃভাষাৰ বিষয়ববীয়া তথা অসমীয়া ভাষা সাহিত্যৰে জড়িত কেইবাজনো বক্তাই মাতৃভাষাৰ গুৰুত্বৰ ওপৰত বক্তব্য ৰাখে।

উক্ত সভাত অসমীয়াকে ধৰি ৰাজ্যৰ জনগোষ্ঠীয় ভাষাসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। এই বিশেষ সভাখনত মাতৃভাষা বিশেষকৈ অসমীয়া ভাষা ব্যৱহাৰকলৈ বহুতৰে মনত থকা হীনমান্যতাৰ বিপৰীতে শিশু তথা ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশত মাতৃভাষাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হয়।

অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই এনেদৰে কয় যে, মাতৃভাষা মাধ্যমৰ প্রতি একাংশ লোকৰ অনীহাৰ লগতে বিভ্রান্তিত ভূগিছে। শিক্ষা মানে ডাঙৰ মানুহ হ'বলৈ, প্রতিষ্ঠা লাভকৰিবলৈ হ'লে মাতৃভাষা মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত শিক্ষা গ্রহণ কৰাব লাগিব বুলি এক ভ্রান্ত ধাৰণাৰ বশৱৰ্তী হয়। ৯৪ চন মানৰ পূৰ্বৰ পৰা মাতৃভাষা মাধ্যমৰ বিদ্যালয় এৰি ইংৰাজী মাধ্যমলৈ একাংশ লোক ধাৱমান হোৱাৰ সময়তে এই মাতৃভাষা মাধ্যমৰ অসম জাতীয় বিদ্যালয় স্থাপন হয় ১৯৯৪ ৩।

WhatsApp Image 2025-12-22 at 1.43.12 PM

 মাতৃভাষা বিজ্ঞান সম্মত ভাষা বুলি উল্লেখ কৰি তেওঁ কয় অসমীয়া ভাষাৰ প্ৰতি সংকট আনে অনা নাই। অসমীয়া ভাষা, সংস্কৃতি শিক্ষাৰ ক্ষেত্রত আমি ভাষিক অসমীয়াইহে সংকট নমাই আনিছোঁ। জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন আৰু চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় থকাৰ পাছতো মাতৃভাষা মাধ্যমৰ বিদ্যালয় প্রাসংগিকতা প্রয়োজনীয়তাৰ সজাগতা বৃদ্ধি সম্প্রতিক সময়ত আহি পৰিছে। ই আবেগিক আৰু জাতীয়তাবাদী চিন্তাধাৰাও নহয়, বিজ্ঞানসন্মত চিন্তাধাৰা বুলি কয়।

শোণিতপুৰ জাতীয় বিদ্যালয় সম্বন্বয়ৰক্ষী সমিতিৰ সভাপতি পৱিত্ৰ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সজাগতা সভাত প্রণামো মাতৃভাষাৰ সম্পাদক অভিজিৎ শৰ্মা বৰুৱাই নিজৰ বক্তব্যত কয় মাতৃভাষা কেতিয়াও জ্ঞান অৰ্জনৰ অন্তৰায় নহয়। যি মাতৃভাষাই ব্যৱহাৰ নকৰক তাৰ জ্ঞান থাকিব লাগে। তেওঁ আক্ষেপৰে কয় সম্প্রতি একাংশ লোকে অসমীয়া ভাষা নজনাটো এক ফেচন। মাতৃভাষা জীয়াই ৰখাৰ বাবে উমৈহতীয়া প্রচেষ্টাৰ প্রয়োজন। ভাষা আইন প্রণয়ন হোৱাৰ পাছতো চৰকাৰী চিঠি-পত্ৰ আজিও অসমীয়া ভাষাত ব্যৱহাৰ হোৱা নাই।

চৰকাৰে নিয়ম কৰিছে যদিও সেই নিয়ম পালন হোৱা নাই। সেই বাবে এতিয়া নিয়ম মনাৰ বাবে নিয়ম প্ৰস্তুত কৰাৰ আহ্বান জনায় কয় মাতৃভাষাৰ চৰ্চা অবিহনে কোনো জাতিৰ উত্তৰণ নাই। অসমীয়া ভাষা নজনাটো এক আভিজাত্য আৰু হীনমন্যতা বুলি কয়। প্রণামো মাতৃভাষাৰ জৰিয়তে অসমীয়া ভাষাৰ প্ৰতি সংকট নাহে তাৰ বাবে সকলোকে সু-সংগঠিত কৰাৰ এক প্রচেষ্টা বুলি কয়। 

WhatsApp Image 2025-12-22 at 1.43.12 PM (1)

সজাগতা সভাত অৱসৰপ্ৰাপ্ত ক্রমে অধ্যক্ষ ড° শিবৰঞ্জন মহন্ত, অৱসৰী অধ্যাপক পূর্ণেশ্বৰ নাথ, অসমীয়া ক্লাবৰ অৰুণা দেৱী আৰু শংকৰদেৱ শিশু নিকেতন ঠেলামৰা ধ্রুবজ্যোতি বৰাই অসমীয়া ভাষাৰ সংকট আৰু সামাজিক পৰিবেশ সন্দৰ্ভত দাঙি ধৰে।

WhatsApp Image 2025-12-22 at 1.43.10 PM (1)

অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা গবেষক ছাত্র ত্ৰিদীপ ভাগৱতীয়ে মাতৃভাষা সজাগতা সভাত অংশগ্রহণ কৰি কয় অসমীয়া ভাষাকলৈ হীনমন্যতা ভোগাৰ কোনো কাৰণ নাই। সেই ইতিমধ্যে প্রমাণিত হৈছে বুলি দৃঢ়তাৰে উল্লেখ কৰি মাইকেল জেকছন মৃত্যুৰ পাছত হিয়াৰ স্পন্দন জুবিন গাৰ্গৰ মৃত্যুৱে প্রমাণিত কৰিছে। অসমীয়া ভাষাতে গীত পৰিৱেশন কৰি বিশ্বক পৰিচয় কৰাই দিলে অসমীয়া ভাষা জাতিক। ভাষাক ভাল পাব লাগিব, ব্যৱহাৰ কৰিব লাগিব। ৰাজ্যৰ ৪৮ শতাংশ লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে বুলি কয়।

WhatsApp Image 2025-12-22 at 1.43.11 PM

 ভাগৱতীয়ে লগতে আৰু কয় জ্যোতিপ্রসাদ আগৰৱালাই কৈছিল স্কটলেগুলৈ যেতিয়া গৈছিল তেতিয়া স্কটলেণ্ডৰ স্থাপত্য ভাস্কর্য দেখি স্কটলেণ্ডতকৈ ধুনীয়া ঠাই ক'তো নাইবুলি ভাবিছিলোঁ, কিন্তু যেতিয়া মই আমাৰ নামঘৰত সোমাই নামঘৰৰ স্থাপত্য ভাস্কর্য দেখিলো, তেতিয়া মোৰ মনৰ পৰা স্কটলেণ্ডত সোমোৱা বিলাতী ভূতটো ওলাই লৰ মাৰিলে। ৰাজ্যত এতিয়া একাংশৰ মনত বিলাতী ভূত সোমোৱা নাই, অসমৰে ভূত সোমাইছে। এইসকলে অসমীয়া ভাষাটোকলৈ হীনমন্যতাত ভোগে। অসমীয়া অসমীয়া লগা ঘৰবোৰৰ পৰা আমি অসমীয়া ভাবটো হেৰুৱাই পেলাইছোঁ।

অসমীয়া ভাষাটোক এতিয়াও মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ একাংশ লোকে জীয়াই ৰাখিছে। সকলোৱে অন্ততঃ যিকোনো এখন অসমীয়া বাতৰিকাকত এখন লোৱাটো কৰক। ভাষণ ৰাজ্যৰ সকলো ভাষাৰ সংকটৰ সময়ত থিয় দিয়াৰ লগতে ভাষাৰ জ্ঞান আয়ত্ত কৰি সকলোকে আপোন কৰি তোলাৰ আহ্বান জনায়।

সভাত জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই নিজৰ ভাষণত কয় যে, বৃটিছে ৰঙা চাহ নিমখ মিহলাই খাবলৈ শিকোৱা সেই ব্যৱস্থা এতিয়া মধ্যবৃত্তৰ মাজত জীয়াই আছে। বৃটিছৰ ছাপ আজিও ভর্তি আছে, গোলামী চিন্তাধাৰা সোমোৱা দিলে। কোট-টাই নামাৰিলে দুখীয়া, নিছলা নিঃকিন বুলি ভাবে বাবে স্কুল কলেজত ছু্ট-বুট পৰিধান কৰাৰ ব্যৱস্থা বুলি সমালোচনা কৰি মধ্য বিত্তৰ সন্তানক অসমীয়া মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত শিক্ষা গ্রহণ কৰাই চাহাব বনাব বিচৰি ভাষা সংস্কাৰলৈ প্ৰত্যাহ্বান অনা বুলি কয়।

1d3de8e6-777b-4e57-adc3-afd749c674ac

বৃটিছ, জার্মান চীন আদি দেশসমূহে নিজৰ ভাষা, সংস্কাৰ, দৃঢ়তা আৰু আচৰণ দুৰ্বল কৰি আনৰ ওচৰত দিয়া নাই। দাক্ষিণাত্যৰ ছবি যে সমগ্র বিশ্বক দখল কৰিছে কিন্তু তেওঁলোকে আনক অনুসৰণ কৰা নাই। সেইবাবে জিলিকি উঠিছে বুলি জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। লগতে ভাষাৰ প্ৰত্যাহ্বান আনে অনা নাই, মাতৃক আদিগুৰু বুলি উল্লেখ কৰি শিশুৱস্থাৰ পৰাই শুদ্ধকৈ ভাষা জ্ঞান দিব লাগে তেওঁ সোঁৱৰাই দিয়ে।

শোণিতপুৰ জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক যাদৱ নাথে আদৰণি জনোৱা সজাগতা সভাত বকলিয়াই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী জয়মতী নাৰ্জাৰীয়ে ভাষণ দিয়ে। তাৰোপৰি সভাত দিপালী বৰঠাকুৰৰ দুটি গীত ভাষণৰ মাজতে পৰিৱেশন কৰে জয়মতি নাৰ্জাৰীয়ে বড়োৱে।

WhatsApp Image 2025-12-22 at 1.43.11 PM (1)

মাতৃভাষা দিৱস উদযাপন মাতৃভাষা