/asomiyapratidin/media/media_files/2025/08/09/web6-2025-08-09-19-28-40.jpg)
ডিজিটেল ডেস্ক : অসম লেখিকা সমাজ আৰু তামুলপুৰ জিলা লেখিকা সমাজৰ উদ্যোগত আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষগৃহত শনিবাৰে মাটি-মানুহ সমন্বয় দিৱস উদযাপন কৰে। পুৱা বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ আদিৰ লগতে থলুৱা শিল্প প্ৰদৰ্শন, প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ পিছত দিনৰ এক বজাত মুকলি সভাৰ আয়োজন কৰে।
মুকলি সভাত উপস্থিত থাকে সাহিত্য-সংস্কৃতি-শিক্ষা জগতৰ বিশিষ্ট ব্যক্তি, জিলা প্ৰশাসনৰ শীর্ষ ব্যক্তি আৰু কেইবাজনো স্থানীয় জনপ্ৰতিনিধি। এই মুকলি সভাতে অসম লেখিকা সমাজে প্ৰবৰ্তন কৰা মুক্তি যুঁজাৰু "দেউৰাম দত্ত সোঁৱৰণী মহীয়ান বঁটা" বিশিষ্ট বৈষ্ণৱ পণ্ডিত ড০ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীক,"লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণী মাটি-মানুহ সমন্বয় বঁটা" যুটীয়াভাবে প্ৰদান কৰা হয় বিশিষ্ট নেপালী সাহিত্যিক নৱ সাপকোটা আৰু বিশিষ্ট বড়ো লেখিকা ধীৰজু বসুমতাৰীক।
লগতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা তিনি গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়। ইয়াৰ উপৰি স্মৰণিকা 'অনুভা' আৰু মধুৰী দাসৰ কাব্য গ্ৰন্থ "পৃথিৱীৰ উচুপনি" মীনা বৰ্মনৰ নাটক "জেউতিৰ জ্যোতি" আৰু গল্প পুথি "সৌভাগ্যই লগ দিয়ে যদি কেতিয়াবা" আদি উক্ত সভাতে উন্মোচন কৰা হয়।।
লক্ষ্যণীয়ভাৱে তামুলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মাটি-মানুহ উদযাপন অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা কঢ়িওৱাৰ লগতে এক উদলি মুদুলি পৰিবেশে বিৰাজ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us