মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপ'ৰ বৰ্ষপূতিৰ আয়োজন...

বৰ্ষপূতিৰ উপলক্ষে বিভিন্ন কাৰ্যসূচী ঘোষণা...

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপ'ৰ  বৰ্ষপূতিৰ আয়োজন...

mathurapur

ডিজিটেল সংবাদ মথুৰাপুৰঃ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ কেইগৰাকীমান উদীয়মান যুৱকে সামাজিক দ্বায়বদ্ধতাক অগ্ৰাধিকাৰ দি কল্যান মূলক কাৰ্য সম্পাদনৰ লক্ষ্যৰে ২০১৮ চনত গঠন কৰা চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপ,মথুৰাপুৰ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ইতিমধ্যে চাৰিটা বছৰ অতিক্ৰম কৰিছে । এই উপলক্ষত স্বেচ্ছাসেৱী গ্ৰুপটোৱে অহা ২৮ ছেপ্তেম্বৰত দিনজোৰা বিভিন্ন বিভিন্ন কাৰ্যসূচীৰে মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে।

এই বৰ্ষপূতিৰ সৈতে সংগতি ৰাখি গ্ৰুপটোৰ সদস্যসকলে গছপুলি ৰোপণ, কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ লগতে পঢ়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰা লক্ষ্যৰে সাধুকথা পুথি , শিশু আলোচনীকে ধৰি বিভিন্ন শিকন সামগ্ৰী আৰু ফলমূল বিতৰণ কৰিবলৈ প্ৰস্তুতি চলাইছে ৷

mathurapur