Advertisment

মথুৰাপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশন সম্পন্ন

চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰু মাইবেলা অঞ্চলক সাঙুৰি গঠিত মথুৰাপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তৃতীয় দ্বি-বার্ষিক অধিৱেশনখন শুকুৰবাৰে এদিনীয়া কাৰ্যসূচীৰে মাইবেলা বৌদ্ধ মন্দিৰৰ  প্রেক্ষাগৃহত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশন সম্পন্ন

মথুৰাপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশন সম্পন্ন

ডিজিটেল সংবাদ,মথুৰাপুৰ : চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰু মাইবেলা অঞ্চলক সাঙুৰি গঠিত মথুৰাপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তৃতীয় দ্বি-বার্ষিক অধিৱেশনখন শুকুৰবাৰে এদিনীয়া কাৰ্যসূচীৰে মাইবেলা বৌদ্ধ মন্দিৰৰ  প্রেক্ষাগৃহত অনুষ্ঠিত হয়। এই উপলক্ষত পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তর্পণ কাৰ্যসূচী সমাপন হোৱাৰ পিছতে দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা।

Advertisment

মথুৰাপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি চলবাহাদুৰ লামাৰ  সভাপতিত্বত অনুষ্ঠিত মুকলি  সভাত বিগত কার্যকালৰ প্ৰতিবেদন পাঠ কৰে  সম্পাদক উমেশ হাটিমূৰীয়াই । গাম্ভীর্যপূর্ণ সভাখনত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বিষয়ববীয়া ডা° অতুল ৰাজখোৱা, চৰাইদেউ জিলা সমিতিৰ সভাপতি সুৰেন বৰুৱা, সম্পাদক বুদ্বেশ্বৰ ৰাজকোঁৱৰ  বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

তেওঁলোকে জ্যেষ্ঠ নাগৰিকসকলৰ অর্থনৈতিক, সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰাৰ লগতে  বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা, বৃদ্ধ পেঞ্চন বৃদ্ধি কৰাকে ধৰি জ্যেষ্ঠ নাগৰিকসকলৰ দাবীসমূহ পূৰণৰ বাবে  চৰকাৰৰ ওচৰত দাবী জনাই ভাষণ আগবঢ়ায়। অঞ্চলটোৰ ভালেসংখ্যক জ্যেষ্ঠ নাগৰিকে অংশগ্রহণ কৰা সভাখনিত সংবাদদাতা প্ৰণৱ বৰগোহাঁইৰ লগতে অঞ্চলটোৰ আশী উৰ্দ্ধৰ নাগৰিক হেমপ্ৰভা খনিকৰ আৰু গংগাৰাম ফুকনক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

পুলক গগৈ পৰ্যৱেক্ষক হিচাপে উপস্থিত থকা সভাখনিত আগন্তুক কাৰ্যকালৰ বাবে যুগল বৰগোহাঁইক সভাপতি,শুভ গগৈক কাৰ্যকৰী সভাপতি, নোমল চন্দ্ৰ ৰাজখোৱাক উপ-সভাপতি, কাশীৰাম ভূঞাক সম্পাদক , বগাধৰ গগৈক সহকাৰী সম্পাদক, অজিত নেওগক সাংগঠনিক সম্পাদক, প্ৰদীপ বৰুৱাক বিত্ত সম্পাদক আৰু ৰামকুমাৰ তাঁতিক জিলা প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰি ১৭ জনীয়াকৈ মথুৰাপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নতুন সমিতিখন গঠন কৰা হয় ৷

charaideo mathurapur