/asomiyapratidin/media/media_files/2025/04/10/1bW4jrOcYNuS4ROm2dmn.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰ : বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বীলোকে একত্ৰিত হৈ প্ৰতিবছৰে উলহ-মালহেৰে অনুষ্ঠিত কৰি অহা ব’হাগী বিদায় উৎসৱটি এইবাৰ ১৬ টা বৰ্ষত ভৰি দিলে। অহা ২ আৰু ৩ মে’ত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিহুখনৰ আজি মূল মণ্ডপৰ লাইখুঁটা স্থাপন কার্যসূচী সম্পন্ন হয়।
লাইখুঁটা স্থাপন কৰে বিশিষ্ট সমাজকৰ্মী যুগল বৰগোহাঁইয়ে ৷ এই লাইখুঁটা স্থাপন কাৰ্যসূচীত উদযাপন সমিতিৰ সভাপতি পুলিন বৰুৱা, সম্পাদক নীলমনেত্ৰ নেওগকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে। বিহুৰ দুয়োটা দিনৰ সকলো কাৰ্যসূচীত উদযাপন সমিতিয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে ।