/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/GH-RT-D.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ অসমৰ ক্ৰীড়া জগতৰ অন্যতম পুৰণি দীৰ্ঘ দূৰত্বৰ সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাখনি সোমবাৰে কলিয়াবৰত অনুষ্ঠিত হয়। মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই ৮ আৰু ৯ নবেম্বৰত দুদিনীয়াকৈ আয়োজন কৰে শ্বহীদ দিৱস ।
এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এই বৰ্ষতো আয়োজন কৰা হয় ৩৩ সংখ্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা ।এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাধিপতি প্ৰবিত্ৰ কুমাৰ দাসে। পুৱা ৫ বাজি ৩০ মিনিটত কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হয়।
গুৱাহাটী, নগাঁও , তেজপুৰ, শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই মাৰাথন দৌৰ প্ৰতিযোগিটাত। প্ৰতিযোগীসকলে নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ কাৰ্য্যালয়ৰ প্ৰাংগণত সমাপ্তি কৰে এই প্ৰতিযোগিতা।
প্ৰথম স্বান দখল কৰে -বিজয় ডেকা¸যোৰহাট। দ্বিতীয় স্থান দখল কৰে-ছানিউল ইছলাম¸বকো আৰু তৃতীয় স্থান দখল কৰে-ৰৱীন দাস¸বৰপেটা আৰু চতুৰ্থ স্থান সূৰ্য দাস¸মৰিগাঁও। উল্লেখ্য যে এই প্ৰতিযোগিতা খনিত উদযাপন সমিতিয়ে ১১ টাকৈ পুৰস্কাৰ প্ৰদান কৰে।