মথুৰাপুৰত ভয়ংকৰ অগ্নিকাণ্ড : নিমিষতে ভষ্মীভূত বাসগৃহ

সোমবাৰে দিনৰ ভাগত চৰাইদেউ জিলাৰ মথুৰাপুৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটি বাসগৃহ। লগতে প্রায় কেইবাহাজাৰ টকাৰ সা-সামগ্রী ভস্মীভূত হয় ৷ 

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত ভয়ংকৰ অগ্নিকাণ্ড

মথুৰাপুৰত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল সংবাদ, মথুৰাপুৰ : সোমবাৰে দিনৰ ভাগত চৰাইদেউ জিলাৰ মথুৰাপুৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটি বাসগৃহ। লগতে প্রায় কেইবাহাজাৰ টকাৰ সা-সামগ্রী ভস্মীভূত হয় ৷ 

Advertisment

উল্লেখযোগ্য যে মথুৰাপুৰ চাহ বাগিচাৰ চাৰি নং লাইনৰ আৰতি সিং নামৰ মহিলাগৰাকীৰ গৃহত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। উক্ত সময়ত বাসগৃহত ঘৰৰ কোনো লোক মজুত নাছিল। এই অগ্নিকাণ্ডত ঘৰৰ ভিতৰৰ পৰা কোনো সা-সামগ্রী বাহিৰলৈ উলিয়াবলৈ সক্ষম নহ’ল পৰিয়ালটোৱে।  

জুইৰ লেলিহান শিখাই ইতিপূর্বেই বাসগৃহটো সকলো শেষ কৰে। দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহ জুইত ভষ্মীভূত হোৱাত শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। অগ্নিকাণ্ড কাৰণ এতিয়া জানিব পৰা হোৱা নাই ৷

mathurapur