চিৰাঙত এবছুৰ উদ্যোগত গণ সজাগতা অভিযানৰ শুভাৰম্ভ...

পতাকা জোকাৰি মটৰচাইকেল ৰেলীৰ আৰম্ভণি সভাপতি দ্বীপেন বড়োৰ
এবছুৰ সজগতা অভিযান
এবছুৰ সজগতা অভিযান

ডিজিটেল সংবাদ, চিৰাংঃ শনিবাৰে চিৰাঙৰ ৰৌমাৰীত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু জিলা এবছুৰ সহযোগত 'জাতীয় অধিকাৰ আৰু সামাজিক ন্যায়' শীৰ্ষক গণ সজাগতা মটৰচাইকেল ৰেলী উলিয়াই। জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ পৰা অহা ২ শতাধিক এবছু কৰ্মী তথা সমৰ্থকে অংশগ্ৰহণ কৰা গণ সজাগতা মটৰচাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োয়ে।

উল্লেখ্য যে, আজি চিৰাঙৰ ৰৌমাৰীৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল ৰেলী জিলা খনৰ বিভিন্ন ভিতৰুৱা অঞ্চল সামৰি ৰাইজৰ মাজত গৈ পথসভা অনুষ্ঠিত কৰিব। শনিবাৰৰ পৰা শুভাৰম্ভ হোৱা এবছুৰ এই গণ সজাগতা অভিযান আগন্তুক ২মাহ জুৰি বি টি আৰ তথা অসমৰ বিভিন্ন জিলাত আয়োজন কৰা হ'ব বুলি জনায় ।

অন্যহাতে এবছুৰ সভাপতি দ্বীপেন বড়োই উল্লেখ কৰে যে, এই গণ সজাগতা ৰেলীৰ জৰিয়তে মূলতঃ অসমৰ বিভিন্ন জিলাত অ-জনজাতি লোকৰ দ্বাৰা বেদখল হৈ থকা জনজাতি বেষ্টনী আৰু আবেষ্টনী সমূহ বেদখলমুক্ত কৰা, মাতৃভাষাত গুণগত শিক্ষা ব্যৱস্থা প্ৰনয়ন কৰা, নৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছ্, মদ, ভাং, জুৱাৰ প্ৰচলন বন্ধ কৰা, মানৱ সৰবৰাহ, বাল্য বিবাহ, অন্ধ বিশ্বাসৰ বলি হৈ নিৰীহ লোকক ডাইনী সন্দেহত হত্যা বন্ধ কৰা আৰু বি টি আৰ শান্তিচুক্তিৰ জৰিয়তে এলেকাত শান্তিৰ পৰিৱেশ ঘুৰি আহিছে আৰু সেই শান্তিৰ পৰিৱেশক স্থায়ী শান্তি পৰিৱেশলৈ পৰ্যবসিত কৰিবলৈ জেলত বন্দী হৈ থকা এন ডি এফ বি নেতা ৰঞ্জন দৈমাৰী সহ অন্যান্য নেতা কৰ্মী সকলক জেলৰ পৰা মুক্তিৰ ব্যবস্থা কৰা আদি বিষয় লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেই এই গণ সজাগতা অভিযান কাৰ্য্যসূচী হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে।

আজি এবছুৰ গণ সজাগতা মটৰচাইকেল ৰেলী আৰম্ভ হোৱাৰ পূৰ্বে ৰৌমাৰী ৰাজহুৱা খেলপথাৰত এখন সভা অনুষ্ঠিত হয় । উক্ত সভাত এবছুৰ সভাপতি দ্বীপেন বড়োৰ উপৰি এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে ভাষণ প্ৰদান কৰে । অনুষ্ঠানত এবছুৰ উপ-সভাপতি খৌৰৌমদাও ওৱাৰী, প্ৰাক্তন এম চি এল এ নিৰ্মল কুমাৰ ব্ৰহ্ম সহ এবছুৰ অন্যান্য কেইবাজনো নেতা উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in