/asomiyapratidin/media/media_files/2025/11/21/komd-2025-11-21-19-06-06.jpg)
ডিজিটেল ডেস্কঃ হাতত পইচা কম আছে, কিন্তু এখন ভাল গাড়ী কিনাৰ কথা ভাৱি আছে নেকি? আপোনাৰ পৰিয়ালৰ বাবে গাড়ী কিনাৰ পৰিকল্পনা যদি কৰিছে আৰু আপোনাৰ বাজেটৰ ভিতৰত থকা, গাড়ী চলাবলৈ আৰামদায়ক, আৰু ভাল বৈশিষ্ট্য প্ৰদান কৰা গাড়ী বিচাৰে, তেন্তে এই খবৰটো আপোনাৰ বাবেই।
মধ্যবিত্ত পৰিয়ালৰ গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত প্ৰায়ে সন্মুখীন হয় নিৰ্ধাৰিত বাজেটক লৈ। তেওঁলোকৰ বাজেটৰ ভিতৰত নূন্যতম সকলো সুবিধা থকা গাড়ী নিৰ্বাচন কৰাত তেওঁলোক ব্যৰ্থ হয়। কিন্তু, সৌভাগ্যক্ৰমে আজি ভাৰতীয় বজাৰত বহুতো গাড়ী উপলব্ধ যিয়ে ৫ৰ পৰা ৭লাখ টকাৰ বাজেটৰ ভিতৰত।
ভাল মাইলেজ আৰু অত্যাৱশ্যকীয় সুবিধাৰে এনে চাৰিখন গাড়ীৰ বিষয়ে জানো আহকঃ-
মাৰুতি চুইফটঃ গাড়ী অনুৰাগীসকলৰ মাজত দীৰ্ঘদিন ধৰি প্ৰিয় মাৰুতি চুইফট । এই বাহনখনৰ আৰম্ভণিৰ মূল্য ₹5.79 লাখ। বাহনখনে 22–24 kmpl মাইলেজ প্ৰদান কৰে। নতুন মডেলটো আৰু অধিক ব্যৱহাৰিক আৰু উন্নত হৈছে। ৯ ইঞ্চিৰ স্মাৰ্ট টাচস্ক্ৰীণ, ক্ৰুজ কণ্ট্ৰ’ল, আৰু ছটা এয়াৰবেগৰ দৰে বৈশিষ্ট্যই ইয়াক এক নিৰাপদ আৰু আধুনিক বিকল্প কৰি তুলিছে।
ৰেন'ল্ট কুইডঃযদি আপুনি ₹৫ লাখৰ তলৰ পৰিয়ালৰ গাড়ী বিচাৰিছে তেন্তে Renault Kwid এটা উত্তম বিকল্প। আৰম্ভণিৰ মূল্য ₹৪.৯২ লাখ। এছ ইউ ভি-ষ্টাইলৰ ডিজাইন আৰু ২০–২২ কিলোমিটাৰ মাইলেজে ইয়াক সৰু পৰিয়ালৰ মাজত অত্যন্ত জনপ্ৰিয় কৰি তুলিছে। ৮ ইঞ্চিৰ টাচস্ক্ৰীণ আৰু পিছফালৰ কেমেৰাৰ দৰে বৈশিষ্ট্য আছে, যিবোৰ এনে বাজেটৰ গাড়ীত বিৰল।
হুণ্ডাই গ্ৰেণ্ড i10 NIO- আৰাম আৰু প্ৰিমিয়াম ইণ্টেৰিয়ৰ বিচৰা পৰিয়ালৰ বাবে হুণ্ডাই গ্ৰেণ্ড i10 NIOS হৈছে এক নিখুঁত গাড়ী। মূল্য ₹5.47 লাখৰ পৰা আৰম্ভ হয় আৰু ই 18–21 কিলোমিটাৰ মাইলেজ প্ৰদান কৰে। অটো এচি, আৰু ৮ ইঞ্চিৰ ইনফ’টেইনমেণ্ট চিষ্টেমৰ দৰে বৈশিষ্ট্যই ইয়াক পৃথক কৰি তোলে। ছটা এয়াৰবেগৰ সৈতে ইয়াত শক্তিশালী সুৰক্ষা বৈশিষ্ট্যও আছে।
টাটা টিয়াগোঃ টাটা টিয়াগো সুৰক্ষাৰ বাবে পৰিচিত। আৰম্ভণিৰ মূল্য ₹৪.৯৯ লাখ আৰু মাইলেজ ১৯–২৩ কিলোমিটাৰ। ইয়াত ৭ ইঞ্চিৰ টাচস্ক্ৰীণ, ডিজিটেল কনছ’ল, আৰু আধুনিক বৈশিষ্ট্য আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us