কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্যোগীকৰণ আৰু বিকাশ কোষৰ সৌজন্যত জখলাবন্ধাত স্ব-উৎপাদিত সামগ্ৰীৰ বিপনী মুকলি

কলিয়াবৰ মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ। মহাবিদ্যালয়খনৰ উদ্যোগীকৰণ আৰু বিকাশ কোষৰ সৌজন্যত বৃহস্পতিবাৰে জখলাবন্ধাৰ মাজমজিয়াত মুকলি কৰে "স্ব-উৎপাদিত সামগ্ৰীৰ বিপনী" ।

author-image
Tushar Pratim
New Update
কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্যোগীকৰণ আৰু বিকাশ কোষৰ সৌজন্যত জখলাবন্ধাত স্ব-উৎপাদিত সামগ্ৰীৰ বিপনী মুকলি

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্যোগীকৰণ আৰু বিকাশ কোষৰ সৌজন্যত "স্ব-উৎপাদিত সামগ্ৰীৰ বিপনী" বৃহস্পতিবাৰে জখলাবন্ধা নগৰীৰ মাজমজিয়াত মুকলি কৰা ব্যতিক্ৰমী কাৰ্যপন্থাই সকলোৰে দৃশ্য আকৰ্ষণ কৰা পৰিলক্ষিত হ’ল। কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীসকলে জখলাবন্ধাস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ সন্মুখত মুকলি কৰিলে এই বিপণীসমূহ। 

এই বিপণীসমূহত ছাত্ৰ-ছাত্ৰীসকলে নিজ হাতেৰে তৈয়াৰ কৰা সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হয়৷ কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱাই শুভাৰম্ভ কৰা এই বিপনীত ছাত্ৰ-ছাত্ৰীসকলে ঘৰুৱা পদ্ধতিৰে তৈয়াৰ কৰা খাদ্য সামগ্ৰী, সৌন্দৰ্যবৰ্ধক সামগ্ৰী, সুস্বাদুযুক্ত বিভিন্ন সামগ্ৰীৰ আছাৰ, ৰুমাল, ভগৱানৰ ছবি অংকিত ছাবিৰ ৰিং, পিঠা, লাড়ু আদি সামগ্ৰী ক্ৰয় কৰিবলৈ বিপণীসমূহত ভিৰ কৰেহি গ্ৰাহকসকলে।

কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে শিক্ষা গ্ৰহণ কৰাৰ উপৰিও ভৱিষ্যতে উদ্যোগীকৰণৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰে কলিয়াবৰ মহাবিদ্যালয়ে। এই অনুষ্ঠানত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে কেইবাগৰাকীও অধ্যাপিকা উপস্থিত থাকে৷ 

WhatsApp Image 2025-09-18 at 20.03.23

শিক্ষানুষ্ঠানখনৰ এনে ব্যতিক্ৰমী পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যত জীৱনত স্বাৱলম্বীতাৰ পথত নিজকে উত্তৰন ঘটাবলৈ সহায়ক হ’ব বুলি বিজ্ঞ মহলে মত প্ৰকাশ কৰিছে।

জখলাবন্ধা কলিয়াবৰ মহাবিদ্যালয়