আপুনিও হ'ব মালামাল! এঘন্টাত ৫হাজাৰ টকা দিব ফেচবুকে...

ফেচবুক, ইনষ্টাগ্ৰামৰ পৰা ফটো, ভিডিঅৰ যোগেদি ধন উপাৰ্জন কৰাতো এতিয়া কোনো নতুন কথা নহয়। কিন্তু শেহতীয়াকৈ মেটাৰ সঞ্চালক মাৰ্ক জুকাৰবাৰ্গে মুকলি কৰিছে এক নতুন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ যোগেদি

author-image
Asomiya Pratidin
New Update
yhhddd

ডিজিটেল ডেস্কঃ ফেচবুক, ইনষ্টাগ্ৰামৰ পৰা ফটো, ভিডিঅৰ যোগেদি ধন উপাৰ্জন কৰাতো এতিয়া কোনো নতুন কথা নহয়। কিন্তু শেহতীয়াকৈ মেটাৰ সঞ্চালক মাৰ্ক জুকাৰবাৰ্গে মুকলি কৰিছে এক নতুন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ যোগেদি এগৰাকী ফেচবুক বা ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে ১ঘন্টাত উপাৰ্জন কৰিব পাৰিব ৫হাজাৰ টকাকৈ।

এঘন্টাত ৫হাজাৰ টকা সৰু কথা নহয়। কিন্তু কি কামৰ বাবে মেটাই এই ধন প্ৰদান কৰিব। ইয়াৰো আছে বিশেষ নীতি-নিয়ম। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, মেটাই ইতিমধ্যেই এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে আমেৰিকাত। আমেৰিকাত যি ব্যৱহাৰকাৰীয়ে মেটাৰ নিৰ্ধাৰিত সকলো নীতি-নিয়ম পালন কৰিছে তেওঁলোকক ইতিমধ্যেই ৫৫ডলাৰকৈ প্ৰদান কৰা হৈছে।

মেটাই ভাৰততো আৰম্ভ কৰিবলৈ লৈছে এই প্ৰক্ৰিয়া। যি প্ৰক্ৰিয়াৰ জৰিয়তে অভিজ্ঞতা সম্পন্ন কিছু ব্যৱহাৰকাৰীক প্ৰদান কৰা হ'ব ঘন্টাত ৫হাজাৰ টকাকৈ। ষ্টৰী টেলিং, কনটেন্ট ক্ৰিয়েশ্যন, টেক ইঞ্জিনিয়াৰিঙত কমেও ৬বছৰ অভিজ্ঞতা সম্পন্ন লোকক অগ্ৰাধিকাৰ দিব মেটাই।

হিন্দী, ইন্দোনেছিয়ান, স্পেনিছ, পৰ্টুগালৰ ভাষা জানিব লাগিব এই লোকসকলে। এই বিশেষ লোকসকলক লৈ এ আইৰ জৰিয়তে কিছু নতুন নতুন চৰিত্ৰৰ সৃষ্টি কৰি বিশ্বৰ সকলো প্ৰান্তৰ লোকৰ ওচৰলৈ যাব বিচাৰিছে মেটা। ইয়াৰ বাবে সম্পূৰ্ণ প্ৰকল্প তৈয়াৰ কৰিছে মেটাই। সকলো সম্পূৰ্ণ কৰিহে মেটাই ইয়াৰ বাবে বিচাৰিছে উপযুক্ত প্ৰাৰ্থী। 

মেটাই নিৰ্ধাৰণ কৰি দিয়া সকলো কাম কৰিব পাৰিলেহে মেটাই ঘন্টাত প্ৰদান কৰিব ৫হাজাৰ টকাকৈ। ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়াও আৰম্ভ কৰিছে মেটাই। 

ফেচবুক