/asomiyapratidin/media/media_files/2025/10/27/1-2025-10-27-21-27-40.jpg)
ডিজিটেল সংবাদ,মুম্বাইঃ সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্য্যসূচীৰে মুম্বাইৰ NESCO GROUND ত অনুষ্ঠিত হৈছে Indian Maritime Week ২০২৫। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ।
কেন্দ্রীয় জাহাজ বন্দৰ আৰু জলপৰিবহন মন্ত্রী সৰ্বানন্দ সোণোৱালৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ১১ খন ৰাষ্ট্ৰৰ বিদেশ মন্ত্রীয়ে অংশ গ্ৰহণ কৰা লগতে মহাৰাষ্ট্ৰ, গুজৰাট, গোৱা আৰু উৰিষ্যাৰ মুখ্যমন্ত্রীয়েও অনুষ্ঠানত অংশ লয়।
উদ্বোধনী অনুষ্ঠানৰ পিছত মুম্বাইতএখন সংবাদমেল সম্বোধ কৰে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে। তেওঁ জনাই যে, প্ৰায় ১ লাখ লোকে অংশগ্রহণ কৰিব India Maritime Week ২০২৫ ত। জাহাজ বন্দৰ আৰু জলপৰিবহন মন্ত্ৰালয়ৰ নেতৃত্বত বহু প্ৰদৰ্শনী বিপনী ৰখা হৈছে বুলিও মন্ত্ৰী সোণোৱালে জানিব দিয়ে।
তাৰোপৰি ২০৪৭ ৰ ভিতৰত ভাৰতবৰ্ষ বিশ্বৰ ৫ খন ৰাষ্ট্ৰৰ ভিতৰত শ্ৰেষ্ঠ ৰাষ্ট্ৰ হব আৰু ২৯ অক্টোবৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে Indian Maritime Week ২০২৫ ত অংশ লব বুলিও সংবাদমেলযোগে জনাই কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us