/asomiyapratidin/media/media_files/2025/09/26/retretr-2025-09-26-21-49-31.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ শুকুৰবাৰে অনুষ্ঠিত হয় মৰিধল মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন।
মহাবিদ্যালয়ৰ সিংহভাগ ছাত্ৰ ছাত্ৰীয়ে অংশ লোৱা নিৰ্বাচনত আছু সমৰ্থিত আকাশ গগৈ সভাপতি ,উপ সভাপতি বাস্তৱ হতীমুৰীয়া, সাধাৰণ সম্পাদক কপিল কোঁৱৰ,সহকাৰী সম্পাদক বনশ্ৰী বৰগোহাঞি,গুৰু ক্ৰীড়া ৰবীন্দ্ৰ চাংমাই,লঘূ ক্ৰীড়া সম্পাদক মিন্টু গোহাঞি,শৰীৰ চৰ্চা মানস জ্যোতি শইকীয়া,আলোচনী সম্পাদক সঞ্জীৱ চাংমাই,সাংস্কৃতিক সম্পাদক গৌতম বৰা, তৰ্ক আৰু সাহিত্য সম্পাদক গায়ত্ৰী সোণোৱাল,সমাজ সেৱাত সংগীত চুতীয়া, ল'ৰাৰ জীৰণি চ'ৰা ভাজ্ঞজিৎ গগৈ আৰু ছোৱালী জীৰণি চ'ৰা সম্পাদিকা হিচাপে মাতো সোণোৱাল নিৰ্বাচিত হয়।
১৩ টা পদৰ ১২ টা পদতে সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দ্বিপেন গগৈৰ তত্বাৱধানত আৰু মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীৰ সহযোগত অনুষ্ঠিত নিৰ্বাচনত মুখ্য নিৰ্বাচনী বিষয়া হিচাপে নিয়োজিত আছিল অধ্যাপক প্ৰণৱ কটকী।