/asomiyapratidin/media/media_files/2025/11/25/1-2025-11-25-19-41-19.jpg)
ডিজিটেল সংবাদ,মাৰ্ঘেৰিটাঃ আজি আন্তঃৰাষ্ট্ৰীয় নাৰী বিৰুদ্ধে হিংসা নিৰ্মূলকৰণ দিৱস । সমগ্ৰ বিশ্বৰ লগতে মাৰ্ঘেৰিটাতো উদযাপন কৰা হয় এই দিৱস। ভাৰতীয় ৰেড ক্ৰছ ছ'ছাইটিৰ মাৰ্ঘেৰিটা সমজিলা শাখাৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ কমিটিৰ সহযোগত মাৰ্ঘেৰিটা খণ্ড উন্নয়ন সভা কক্ষত উদযাপন কৰা হয় এই দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় কিশোৰী মহিলা স্বাস্থ্য সজাগতা সভা আৰু নাৰী অত্যাচাৰ উৎপীড়ন শীৰ্ষক আলোচনা চক্ৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/whatsapp-image-2025-11-25-19-42-18.jpeg)
উল্লেখ্য যে ভাৰতীয় ৰেড ক্ৰছ ছ'ছাইটিৰ মাৰ্ঘেৰিটা সমজিলা শাখাৰ সম্পাদক পবিত্ৰ বৰগোহাঞিয়ে আঁত ধৰা অনুষ্ঠানটো সঞ্চালনা কৰে কিডজী চান চাইন হাইস্কুলৰ সঞ্চালক পাপৰি বৰুৱা গগৈয়ে। অনুষ্ঠানত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ৰুণজুন শইকীয়া, দীপশ্ৰী দাস সৰকাৰ, ড° মধুমিতা দেৱ, ড° কস্তুৰী নাথ, ড° জ্যোতি গগৈ, সমাজকৰ্মী জ্যোতিষ ৰাইকে আদি কৰি কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অধিবক্তা ৱাইজ ইমৰাণ আৰু ডাঃ দীপেন বৰঠাকুৰ। অনুষ্ঠানটোত বহু মহিলা আৰু ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/whatsapp-image-2025-2025-11-25-19-43-30.jpeg)
তাৰোপৰি মুখ্য বক্তাৰ ভাষণত ৱাইজ ইমৰাণে নাৰীসকলৰ ওপৰত হোৱা শাৰীৰিক, মানসিক, যৌন, আৰ্থিক আৰু সামাজিক সকলো ধৰণৰ হিংসাৰ বিৰোধিতা কৰি সচেতনতা বৃদ্ধি আইনৰ জৰিয়তে কি দৰে কৰিব পাৰি সেই সন্দৰ্ভত উল্লেখ বক্তব্য ৰখাৰ লগতে বিভিন্ন সংগঠন, শিক্ষা প্ৰতিষ্ঠান আৰু সমাজসেৱী সংগঠনক এই বিষয় সমূহ গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনাই। ইপিনে নাৰী বিৰোধী হিংসা আঁতৰাই সুৰক্ষিত আৰু সম-অধিকাৰ যুক্ত সমাজ গঢ়ি তোলাৰ আহ্বান জনাই। অন্যহাতে জ্যেষ্ঠ চিকিৎসক ডাঃ দীপেন বৰঠাকুৰে কিশোৰী মহিলা সকলে স্বাস্থ্যজনীত সতৰ্কতা কি দৰে ল'ব লাগে সেই সন্দৰ্ভতো বক্তব্য আগবঢ়োৱা পৰিলক্ষিত হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/whatsapp-image-2025-11-25-19-44-35.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us