/asomiyapratidin/media/media_files/2025/12/02/p-2025-12-02-11-37-41.jpg)
ডিজিটেল সংবাদ,মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ ইনথেমত ভয়ংকৰ অগ্নিকাণ্ড। সোমাবাৰে নিশ প্ৰায় ১২ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। পেঙেৰীৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত ইনথেমৰ নিৱাসী মহেন্দ্ৰ গগৈ ওৰফে সঞ্জয় গগৈ গৃহত অগ্নিকাণ্ড সংঘটিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/02/whatsapp-2025-12-02-11-38-06.jpeg)
উল্লেখ্যে যে, সঞ্জয় গগৈৰ পত্নী মীনাক্ষী বৰুৱা গগৈ কেটেতং আঞ্চলিক পঞ্চায়তৰ সদস্যা। অগ্নিকাণ্ডত দুটাকৈ গেছ চিলিণ্ডাৰৰো বিস্ফোৰণ ঘটে বুলি দানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় বাসগৃহটো। অগ্নিকাণ্ডত এখন স্কুটি, এটা পানী মটৰ সম্পূৰ্ণৰূপে জুইত জাহ যোৱা লগতে তিনিখনকৈ বাহনো ক্ষতিগ্ৰস্ত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/02/whatsapp-2025-12-02-11-38-34.jpeg)
ইপিনে স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনী তৎপৰতাত অগ্নিনির্বাপন কৰে যদিও বিস্তৰ ক্ষয়-ক্ষতি হয়। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি প্ৰায় ১৫ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হোৱাৰ কথা প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us