মাৰ্ঘেৰিটা ইনথেন বৌদ্ধ বিহাৰ বিহাৰধ্যক্ষ হত্যাকাণ্ডৰ জড়িতক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী

মাৰ্ঘেৰিটাৰ ইনথেম মুংগং বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষক শনিবাৰে নিশা সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ চেপা উত্তেজনা অঞ্চলটোত আজিও বিৰাজ কৰি আছে

author-image
Asomiya Pratidin
New Update
302

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : মাৰ্ঘেৰিটাৰ ইনথেম মুংগং বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষক শনিবাৰে নিশা সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ চেপা উত্তেজনা অঞ্চলটোত আজিও বিৰাজ কৰি আছে । ইতিমধ্যে শনিবাৰে নিশাই পেঙেৰী আৰক্ষীয়ে মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে।

দেওবাৰে চিংফৌ ছাত্ৰ সন্থা , পূবাঞ্চল ভিক্ষু সংঘ, মান টাই ভাষা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদ যুৱ ছাত্ৰ পৰিষদৰ স্থানীয় নেতৃত্ব ঘটনাস্থলীত উপস্থিতি হৈ সমগ্ৰ ঘটনাৰ লগত জড়িত দোষীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ সংবাদমাধ্যমযোগে প্ৰশাসনক দাবী জনায়। অন্যথা আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

আজি ঘটনাস্থলীত তদন্তৰ বাবে ফৰেঞ্চিকৰ এটা দল উপস্থিত হৈ তদন্ত আৰাম্ভ কৰিছে। বিয়লি মৰণোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহ ইনথেম বৌদ্ধ বিহাৰৰ প্ৰাঙ্গাগত আনি ৰখা হৈছে । কাইলে দিনৰ ভাগত মৃতদেহ শেষকৃত পৰম্পৰাগত নিতী- নিয়মেৰে সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে।  ।

উল্লেখ্য যে অঞ্চলটোত দীঘ্ৰ দিন ধৰি ড্ৰাগছ কাণিৰ বেহা চলি আহিছে । ড্ৰাগছ আসক্ত কোনো দুৰ্বৃত্তই এনে ঘটনা সংঘটিত কৰা সন্দেহ কৰিছে স্থানীয় লোকে।

অঞ্চলটোত বৃদ্ধি পোৱা এনে ড্ৰাগছ বেহা সম্পন্ন বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় দল সংগঠন তথা সচেতন মহলে । অন্যথা এনে লোমহৰ্ষক ঘটনা পুনৰ সংঘটিত হোৱাৰ আকংশাই দেখা দিছে। এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষনীয় হ'ব। বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ গৰাকীৰ অকাল মৃত্যুৱে অঞ্চলটোত শোঁ‌কৰ ছাঁ‌ পেলাইছে। 

মাৰ্ঘেৰিটা