প্ৰথমবাৰলৈ যুদ্ধ বিৰতিৰ বাবে সাজু হৈছে মাওবাদী! আলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ লিখিলে পত্ৰ...

ছত্তীশগড় আৰক্ষীয়ে মঙলবাৰে জনোৱা অনুসৰি নিষিদ্ধ চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ নামত জাৰি কৰা এখন পত্ৰৰ  সন্দৰ্ভত তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে।

author-image
Tushar Pratim
New Update
প্ৰথমবাৰলৈ যুদ্ধ বিৰতিৰ বাবে সাজু হৈছে মাওবাদী! আলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ লিখিলে পত্ৰ...

ডিজিটেল ডেস্কঃ ছত্তীশগড় আৰক্ষীয়ে মঙলবাৰে জনোৱা অনুসৰি নিষিদ্ধ চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ নামত জাৰি কৰা এখন পত্ৰৰ  সন্দৰ্ভত তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে। এই পত্ৰখনত বিদ্ৰোহীসকলে তেওঁলোকৰ “সশস্ত্ৰ সংগ্ৰাম সাময়িকভাৱে বন্ধ ঘোষণা” কৰি চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ সাজু বুলি দাবী কৰিছে। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে এইদৰে মাওবাদীসকলে তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰাম স্থগিত ৰাখি আলোচনাৰ বাবে আগবাঢ়ি আহিছে। 

ছত্তীশগড়ৰ নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে মাওবাদীসকলে তেওঁলোকৰ শীৰ্ষ নেতা নিহত হোৱাৰ লগতে ধাৰাবাহিত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে এই পত্ৰ প্ৰকাশ পাইছে।‘সশস্ত্ৰ সংগ্ৰাম সাময়িকভাৱে পৰিত্যাগ কৰা’ শীৰ্ষক পত্ৰখন যোৱা ২৫ আগষ্টত লিখা আৰু মঙলবাৰে ৰাজহুৱা কৰা বুলি জানিব পৰা গৈছে। 

পত্ৰখনত মাওবাদীয়ে শান্তি আলোচনা প্ৰক্ৰিয়া অনুসৰণ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বাৰে বাৰে অস্ত্ৰ-শস্ত্ৰ এৰিবলৈ জনাই অহা আহ্বানৰ কথাও উল্লেখ কৰিছে। পত্ৰখনত মাওবাদীয়ে উল্লেখ কৰিছে যে, তেওঁলোকে সশস্ত্ৰ সংগ্ৰাম সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। তাৰোপৰি তেওঁলোকে লিখিছে, ‘’আমি স্পষ্ট কৰি দিছো যে ভৱিষ্যতে সম্ভৱপৰ পৰিমাণে আমি ৰাজহুৱা বিষয়ত সকলো ৰাজনৈতিক দল আৰু সংগ্ৰামী সংগঠনৰ সৈতে কান্ধত কান্ধ মিলাই যুঁজিম।‘’

ইয়াৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী বা তেওঁৰ নিৰ্দিষ্ট প্ৰতিনিধিৰ সৈতে, বা প্ৰতিনিধি দলৰ সৈতে আলোচনা কৰিবলৈ সাজু বুলিও উল্লেখ কৰা হৈছে। পত্ৰখনত তেওঁলোকে ভিডিঅ’ কলৰ জৰিয়তেও আলোচনা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছে। লগতে মাওবাদীৰ বিৰুদ্ধে কম্বিং অভিযান বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

মাওবাদীসকলে এই পত্ৰৰ জৰিয়তেই দেশৰ বিভিন্ন ৰাজ্যত কাম কৰা তেওঁলোকৰ সহকৰ্মী আৰু কাৰাগাৰত থকাসকলৰ সৈতে যুদ্ধ বিৰতিৰ সন্দৰ্ভত আলোচনা কৰিবলৈ এমাহৰ সময় বিচাৰিছে। পত্ৰখনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছত্তীশগড়ৰ গৃহমন্ত্ৰী বিজয় শৰ্মাই কয়, "আমি পত্ৰখন পৰীক্ষা কৰি আছো। যদি পত্ৰখন সঁচা হয় তেন্তে আমি বিষয়টোৰ ওপৰত আলোচনা কৰিম।" 

তেওঁ লগতে কয় যে শান্তি আলোচনাৰ বাবে তেওঁলোকে (মাওবাদীয়ে) প্ৰথমে নিজৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰিব লাগিব। অৱশ্যে এতিয়ালৈকে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ কোনো স্থিতি ৰাজহুৱা হোৱা নাই। 

ছত্তীশগড় মাওবাদী