/asomiyapratidin/media/media_files/2025/08/11/web-ap-protest-2025-08-11-15-59-46.jpg)
ডিজিটেল ডেস্কঃ ভোট চুৰিক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি। আজি বিৰোধীৰ প্ৰায় ৩০০ সাংসদে ৰাজধানী দিল্লীত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে শতাধিক সাংসদক আটক কৰে দিল্লী আৰক্ষীয়ে। তাৰ মাজতেই অসুস্থ হৈ পৰে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰসহ আন কেইবাগৰাকীও মহিলা সাংসদ। আৰক্ষীয়ে আটক কৰা সাংসদসকলৰ ভিতৰত আছে বিৰোধী দলপতি ৰাহুল গান্ধী, সাংসদ প্ৰিয়ংকা গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আদি।
নিৰ্বাচনী তালিকাত বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ নামত সংঘটিত হোৱা ‘ভোট চোৰ’ক লৈ অস্থিৰ হৈ পৰিছে দিল্লী। সোমবাৰে পুৱা ১১:৩০ বজাৰ পৰা ‘ইণ্ডিয়া’ৰ সাংসদসকলে সংসদ ভৱনৰ পৰা প্ৰতিবাদী সমদল আৰম্ভ কৰে। তেওঁলোকৰ লক্ষ্য আছিল নিৰ্বাচন আয়োগৰ কাৰ্যালয় ঘেৰাও কৰা।
বিৰোধীৰ এনে প্ৰস্তুতিৰ কথা জানিব পাৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশংকা কৰিয়েই আয়োগে বিৰোধী শিবিৰলৈ এখন পত্ৰ প্ৰেৰণ কৰি এই বিষয়ত আলোচনা কৰিবলৈ সাজু বুলি জনায়। এই আলোচনাৰ বাবে ৩০ জন সংসদৰ প্ৰতিনিধিৰ নাম প্ৰেৰণ কৰিবলৈ কোৱা হৈছিল।
সময় দিয়া হ’ল দুপৰীয়া ১২ বজাত। ইফালে দিল্লী আৰক্ষীয়ে এই প্ৰতিবাদী সমদলৰ বাবে বিৰোধী সাংসদসকলক অনুমতিও নিদিলে। তাৰ মাজতেই বিৰোধী সাংসদসকলে সংসদ ভৱনৰ পৰা সমদল বাহিৰ কৰে।
কিন্তু কিছু দূৰ আগবাঢ়ি যোৱাৰ লগে লগে আৰক্ষীয়ে বেৰিকেডেৰে সেই প্ৰতিবাদী সমদলক ভেটা দিয়ে। ফলত সাংসদসকলে বেৰিকেড উফৰাই আগবাঢ়িবলৈ চেষ্টা কৰে।
তাৰোপৰি বহু সাংসদে ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰে। এইসকলৰ মাজত আছিল লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীও। আনহাতে আন একাংশ মহিলা সাংসদে শাৰী পৰিধান কৰা অৱস্থাতেই বেৰিকেডত আৰোহণ কৰে।
সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱ আৰু ভূপেন্দ্ৰ যাদৱো বেৰিকেডত আৰোহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী সাংসদসকলে শ্লোগান দিয়ে ‘’গলি গলি মে’ শ্বোৰ হ্যে , নৰেন্দ্ৰ মোডী চৌৰ হ্যে’। এইদৰে এক দীঘলীয়া সময় প্ৰতিবাদৰ অন্তত ৰাহুল গান্ধীকে ধৰি বহু সাংসদক দিল্লী আৰক্ষীয়ে আটক কৰে। তেওঁলোকক বাহনত উঠাই লৈ যোৱা হয় পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানালৈ।
ইফালে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰকো আটক কৰি বাহনত উঠাই দিয়াৰ পিছতে তেওঁ অসুস্থ হৈ পৰে। খবৰ অনুসৰি বাছৰ ভিতৰতে অচেতন হৈ পৰে।একেদৰে আন এগৰাকী সাংসদ মিতালী বাগো অসুস্থ হৈ পৰে। এই দুয়োগৰাকী অসুস্থা সাংসদকে ৰাহুল গান্ধীয়ে বিশেষ যত্ন লোৱাৰ দৃশ্যও দেখিবলৈ পোৱা গ’ল। যি দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে।
এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয়, এই যুঁজখন ৰাজনৈতিক নহয়, সংবিধান ৰক্ষাৰ যুঁজ। গতিকে আমি এখন শুদ্ধ ভোটাৰ তালিকা বিচাৰো।"
বিজেপিক লক্ষ্য কৰি লৈ প্ৰিয়ংকা গান্ধীয়ে কয়, "বিজেপিয়ে ভয় খাইছে। সেইবাবেই তেওঁলোকে আৰক্ষী ব্যৱহাৰ কৰি বিৰোধীক নীৰৱ কৰিবলৈ চেষ্টা কৰিছে।"