সচাঁকৈয়ে ফোনত চুপাৰি ব্যৱসায়ীৰ পৰা 'হেভী এমাউন্ট' দাবী কৰিছিল নেকি মনোৰঞ্জন তালুকদাৰে! গোচৰ ৰুজুৰ নিৰ্দেশ...

চুপাৰি ব্যৱসায়ীক ধনদাবী কৰা ঘটনাক লৈ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ। সৰভোগৰ বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে অসম বিধানসভাৰ নীতি-নিৰ্দেশনা কমিটীয়ে।

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ চুপাৰি ব্যৱসায়ীক ধনদাবী কৰা ঘটনাক লৈ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ। সৰভোগৰ বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে অসম বিধানসভাৰ নীতি-নিৰ্দেশনা কমিটীয়ে। 

প্ৰাপ্ত খবৰ অনুসৰি, ইতিমধ্যে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়লৈ প্রেৰণ কৰা হৈছে তালুকদাৰ বুলি চৰ্চিত সেই ধনদাবীৰ অডিঅ’ বাৰ্তাটো। প্রতিবেদন লাভ কৰাৰ লগে লগে এই ক্ষেত্রত পদক্ষেপ গ্রহণ কৰা হ’ব। সাংবাদিকক এই তথ্য সদৰি কৰিছে বিধানসভাৰ শীৰ্ষ সূত্রই।

উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিনৰ পূৰ্বে মনোৰঞ্জন তালুকদাৰে নিৰ্বাচনৰ বাবে কেইবা লক্ষাধিক টকাৰ দাবীৰে এগৰাকী ব্যৱসায়ীলৈ ফোন কৰিছিল। উক্ত ফোনকলটো ভাইৰেল হোৱাৰ পাছতে বিধায়কগৰাকীয়ে সেয়া তেওঁৰ কন্ঠ নহয় বুলি দাবী কৰিছিল। 

অসম বিধানসভাৰ মজিয়াতো প্ৰত্যাহ্বান জনাইছিল বামপন্থী বিধায়কগৰাকীয়ে। তেওঁৰ কন্ঠ বুলি প্ৰমাণ কৰিব পাৰিলে সামাজিক জীৱন ত্যাগ কৰাৰ কথাও কৈছিল তেওঁ। এতিয়া তদন্ততহে পোহৰলৈ আহিব কোন সচাঁ আৰু কোন মিছা।

সৰভোগ