/asomiyapratidin/media/media_files/2025/12/26/whatsapp-image-2025-12-26-14-54-03.jpeg)
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ ২৬ ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ দেহাৱসান ঘটিছিল। যিজন নেতা কেতিয়াও লোকসভা নিৰ্বাচনত জয়ী হোৱা নাছিল,তথাপিও ১০ বছৰ ধৰি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নেতৃত্ব দিছিল। আজিৰ দিনটোতেই সেই প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ মৃত্যু বাৰ্ষিকী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/people-pay-tributes-to-former-prime-minister-manmo_1735344147967_1735344155026-2025-12-26-14-56-33.webp)
প্ৰণিধানযোগ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সামাজিক মাধ্যমত পোষ্ট কৰা পৰিলক্ষিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্টটোত লিখিছে যে- দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙক তেখেতৰ প্ৰথম পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছো। তেখেতৰ অনবদ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/ad8f7158-7524-4889-8428-f3d0e464563f-2025-12-26-14-56-59.jpeg)
১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰিছিল ড° মনমোহন সিঙে। এগৰাকী অৰ্থনীতিবিদ হোৱাৰ উপৰি মনমোহন সিঙে ১৯৮২-১৯৮৫ চনলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে তেওঁ ২০০৪-২০১৪ বৰ্ষলৈ কাৰ্যকালত ভাৰতৰ ১৩ সংখ্যক প্ৰধানমন্ত্ৰী আছিল ৷ আনকি জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ পিছত আটাইতকৈ দীঘলীয়া সময় ধৰি তেওঁ প্ৰধানমন্ত্ৰী হৈ আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us