/asomiyapratidin/media/media_files/2025/08/26/new-ap-web-2-22-2025-08-26-20-46-47.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ
ইফালে চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ খেৰাপাৰা আৰক্ষী চকী এলেকাত মঙলবাৰে পুৱাৰ ভাগত তিনি অবৈধ বাংলাদেশী নাগৰিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সোমবাৰে নিশা বাংলাদেশী দলটোৱে অবৈধ ভাৱে ভাৰতত প্ৰবেশ কৰি এম এল ০৮ ডি ৮৩৮৭ নম্বৰৰ বাছযোগে অসমলৈ অহা পথত আৰক্ষীয়ে আটক কৰি জেৰাৰ পাছত গ্ৰেপ্তাৰ কৰে।
ধৃত বাংলাদেশী কেইটাক বাংলাদেশৰ ছিলেট জিলাৰ দেৰাই থানা এলেকাৰ অধীনস্থ চন্দপূৰ গাঁৱৰ খুশিলাল দাসৰ কন্যা ছুমি ৰাণী দাস (২৭), পটোৱাখালী জিলাৰ পটোৱাখালী থানা এলেকাৰ অধীনস্থ মৰিশভুনীয়া গাঁৱৰ নাসুৰুদ্দিন গাঁওলাদাৰৰ পুত্ৰ আলি আকবৰ (২৫) আৰু কালিবাৰী গাঁৱৰ চেলিম সিকদাৰৰ পুত্ৰ আৰিফ সিকদাৰ (২২) বুলি চিনাক্ত কৰা হৈছে। তিনিও জনক মঙলবাৰে তুৰা আদালতত হাজিৰ কৰাত আদালতে তুৰা জে'ললৈ প্ৰেৰণ কৰে বুলি বিশেষ সূত্ৰই জানিব দিছে। তেওঁলোকৰ পৰা বাংলাদেশী পাছপোৰ্ট, বাংলাদেশৰ পৰিচয় পত্ৰ আৰু তিনিটা মোবাইল ফোন জব্দ কৰা হৈছে। তামিলনাডুত কাম কৰিবলৈ বাংলাদেশী দলটো এইদৰে মেঘালয় ৰাজ্যৰে অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।
লক্ষণীয় যে, সোমবাৰেও মানকাচৰত ৬ অবৈধ বাংলাদেশী নাগৰিকক মানকাচৰ আৰক্ষীয়ে আটক কৰি নিশা বাংলাদেশলৈ উভতাই পঠিয়াইছে। উভতাই পঠোৱা বাংলাদেশী কেইটা ফাৰুক আহমেদ (২৫) আবেদা আখতাৰ (২১) মহম্মদ ৰাব্বি (১৬) মহম্মদ জুৱেল (২৩) মিনহা আখতাৰ আৰু মিনহাজুল ইছলাম বুলি জানিব পৰা গৈছে।