মানকাচৰত ৰাইজে আৰম্ভ কৰিলে ব্ৰহ্মপুত্ৰ খহনীয়া প্ৰতিৰোধৰ কাম

বৰলুইতৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে চৰকাৰ, জিলা প্ৰশাসনক বাৰে বাৰে দাবী জনাই আহিছিল স্থানীয় ৰাইজে । চৰকাৰ, জিলা প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ বাবে ৰাইজে নিজে খহনীয়া প্ৰতিৰোধৰ সিদ্ধান্ত লয় বুলি জানিব দিয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  মানকাচৰত ৰাইজে আৰম্ভ কৰিলে ব্ৰহ্মপুত্ৰ খহনীয়া প্ৰতিৰোধৰ কাম। সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰি bolder ৰে আৰম্ভ কৰা হয় এই খহনীয়া প্ৰতিৰোধৰ কাম। দীৰ্ঘ দিনৰ পৰা মানকাচৰৰ মালিৰ আলগা গাঁও পঞ্চায়ত আৰু ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙ্গা এলেকাত চলি আছে খহনীয়া। 

বৰলুইতৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে চৰকাৰ, জিলা প্ৰশাসনক বাৰে বাৰে দাবী জনাই আহিছিল স্থানীয় ৰাইজে। চৰকাৰ, জিলা প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ বাবে ৰাইজে নিজে খহনীয়া প্ৰতিৰোধৰ সিদ্ধান্ত লয় বুলি জানিব দিয়ে। পুৱা পূজা আৰু কোৰান পাঠ কৰাৰ পাছত সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰে। ইয়াৰ পাছত bolder ৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰে। ইপিনে স্থানীয় ৰাইজে bolder সমূহ দান বৰঙণি কৰিছে। 

WhatsApp Image 2025-12-29 at 11.47.33 AM (1)

মানকাচৰ